ETV Bharat / state

হাইস্কুল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত চাপৰত আছাৰ প্ৰতিবাদ

author img

By

Published : Aug 13, 2021, 7:59 PM IST

চাপৰ চাহ বাগিচাত উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত প্ৰতিবাদ নামিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । বৃহস্পতিবাৰে বিৰছা মুণ্ডা ষ্টেডিয়ামৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ কৰ্মকৰ্তাই ।

AASAA protest at Bilashipara
চাপৰত AASAAৰ প্ৰতিবাদ

পূৱ বিলাসীপাৰা, ১৩ আগষ্ট: এজাক কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে বৃহস্পতিবাৰে ধুবুৰী জিলাৰ চাপৰস্থিত বিৰছা মুণ্ডা ষ্টেডিয়ামত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিৰ কৰ্মকৰ্তাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । চাপৰ চাহ বাগিচাত উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে সংগঠনটোৰ সদস্যসকলে ।

তেওঁলোকৰ অভিযোগ অনুসৰি, চাপৰ চাহ বাগিচাত উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণত মেনেজাৰ মনোজ ৰায়ে বাধা আৰোপ কৰি আহিছে । ২০২০ বৰ্ষত তদানীন্তন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক যুগান্তকাৰী সিদ্ধান্ত বুলি সদৰি কৰি ৰাজ্যৰ মুঠ ১১৯ খন চাহ বাগিচাত আদৰ্শ হাইস্কুল নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰিছিল ।

কিন্তু চাপৰ চাহ বাগিচাত আৰম্ভ কৰা বিদ্যালয় নিৰ্মাণৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল । লেহেমীয়া গতিত ঠিকাদাৰে কাম কৰাৰ অভিযোগ তুলিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । লগতে চাপৰ চাহ বাগিচাৰ মেনেজাৰ মনোজ ৰায়ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে । "মনোজ ৰায় মুৰ্দাবাদ", "মনোজ ৰায়ক গ্ৰেপ্তাৰ কৰক" আদি শ্ল'গানাৰে বিৰছা মুণ্ডা ষ্টেডিয়াম উত্তাল কৰি তোলে ।

চাপৰত AASAAৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়েও অংশ লয় । "আমাক বিদ্যালয় লাগিবই", "ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা মেনেজাৰক গ্ৰেপ্তাৰ কৰক" আদি শ্ল'গান দি ক্ষোভ উজাৰে ছাত্ৰ-ছাত্ৰীসকলে ।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাই অভিযোগ তুলিছে যে, বাগিচাৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰি শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা ষড়যন্ত্ৰ ৰচনা কৰিছে মনোজ ৰায়ে । আনহাতে, ঠিকাদাৰক শীঘ্ৰে বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিবলৈও সংগঠনটোৰ কৰ্মকৰ্তাসকলে চৰকাৰক আহ্বান জনায় । কণ কণ ছাত্ৰ-ছাত্ৰী আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : অসম-নগালেণ্ড সীমান্তৰ নামতোলাত ড্ৰাগছ, নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.