ধুবুৰী, ১০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কোচ ৰাজবংশী সকলক থান বান কৰি নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে । এই মন্তব্য অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্রাছুৰ সভাপতি সুৰত ৰায়ৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাৰ বিৰোধিতা কৰি সোমবাৰে ধুবুৰী জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কে এল অ' নেতা জীৱন সিংহৰ প্ৰসংগ উপস্থাপন কৰি চৰকাৰক তীব্র সমালোচনা কৰে অবিভক্ত গোৱালপাৰা জিলা আক্রাছুৱে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি অবিভক্ত গোৱালপাৰা জিলা আক্রাছুৰ সভাপতি সুৰত ৰায়ে কয়," এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলক থান বান কৰি একেবাৰে নিঃশেষ কৰিব বিচৰা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ যদি কৰিব লাগে তেন্তে প্ৰথমে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰক ।"
আনহাতে, জনগোষ্ঠীয় লোকসকলৰ স্বাৰ্থ সুৰক্ষাৰ উদ্দেশ্যে এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰি অহাৰ সময়তে আক্রাছুৱে উভতি ধৰিছে । আক্রাছুৰ নেতাগৰাকীয়ে পুনৰ কয়, "যদি মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীয় লোক সকলৰ স্বাৰ্থ সুৰক্ষাৰ কথা কৈছে, তেন্তে কোন কোন সমষ্টি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ কাৰণে সংৰক্ষিত কৰিছে সেয়া স্পষ্ট কৰক।" প্ৰকাশ পোৱা খচৰাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত ৰূপ ল'লে পৰৱৰ্তী সময়ত আক্রাছুৱে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে ।
আনহাতে, কে এল অ' নেতা জীৱন সিংহক মূল সুঁতিলৈ ঘূৰাই আনি ত্ৰিপাক্ষিক বৈঠক কৰাৰ নামত কেন্দ্ৰীয় চৰকাৰে লেহেমীয়া গতিৰে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি অভিযোগ কৰি চৰকাৰক ধিক্কাৰ দিয়ে অবিভক্ত গোৱালপাৰা জিলা আক্রাছুৱে।
লগতে পঢ়ক:Constituency delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক লৈ সন্তুষ্ট অগপ