ETV Bharat / state

অসম-বংগ সীমান্তত ট্ৰাকসহ আটক ৫৩ গৰাকী শ্ৰমিক

author img

By

Published : Apr 13, 2020, 8:22 PM IST

ধুবুৰী জিলাৰ অসম-বংগ সীমান্ত ছাগলীয়াত আটক হয় এখন ট্ৰাক সহ ৫৩ গৰাকী শ্ৰমিক । বিহাৰলৈ ৰাওনা হোৱাৰ পথতে আৰক্ষীয়ে আটক কৰে এই ট্ৰাকখন ।

a truck with 53 labours detained in assam-bengle border

ধুবুৰী, 13 এপ্ৰিলঃ লক ডাউনৰ সময়ত ধুবুৰী জিলাৰ অসম-বংগ সীমান্ত ছাগলীয়াত আটক হয় এখন ট্ৰাকসহ ৫৩ গৰাকী শ্ৰমিক । RJ-07 GC-6266 নম্বৰৰ এখন ট্ৰাকত গুৱাহাটীৰ পৰা বিহাৰলৈ গৈ থকা অৱস্থাত জব্দ হয় ট্ৰাকখন ।

উল্লেখ্য যে, কিছুদিন কামৰ উদ্দেশ্যে গুৱাহাটীৰ বেলতলাৰ কৰ্মক্ষেত্ৰলৈ গৈছিল শ্ৰমিক সকল । কিন্তু লক ডাউন জাৰি কৰাৰ পিচতে আবদ্ধ হৈ পৰিছিল শ্ৰমিক সকল । যাৰ বাবে এখন ট্ৰাক ভাড়া কৰি বিহাৰলৈ ৰাওনা হোৱাৰ পথতেই আৰক্ষীয়ে তালাচী চলাই ট্ৰাক সহ আটক কৰে শ্ৰমিক কেইজনক । আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে লোক সকলক অসম-বংগ সীমান্তৰ ছাগলীয়াত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

অসম-বংগ সীমান্তত ট্ৰাকসহ আটক ৫৩ জন শ্ৰমিক

লগতে পঢ়কঃ কোভিড-19 : 95 বছৰীয়া বৃদ্ধই প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ দান কৰিলে 1 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.