ETV Bharat / state

গৌৰীপুৰৰ দুই আদৰ্শ ভাতৃৰ কথাৰে...

ধুবুৰীৰ গৌৰীপুৰৰ এখন গাঁৱৰ আদৰ্শ দুই যুৱক । লক্​ ডাউনৰ ভয়াবহ সংকটৰ সময়ত হাঁহ-কুকুৰা পালনেৰে গাঁৱখনক আৰ্থিক দিশত আগবঢ়াই নিয়াৰ সপোন দেখিছে যুৱক দুজনে ।

a story of two farmer brother dhubri assam etv bharat news
হাঁহ কুকুৰা পালন
author img

By

Published : May 14, 2020, 8:41 PM IST

ধুবুৰী,14 মে’: ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসিন্দা দুই যুৱক ৷ বৰ্তমান সমগ্ৰ অঞ্চলৰ আদৰ্শস্বৰূপ হৈ পৰা যুৱকদ্বয়ৰ নাম ক্ৰমে মতিয়ৰ হুছেইন আৰু চাহজাহান আলী ৷ গৌৰীপুৰৰ বেগুণতলী গাঁৱৰ বাসিন্দা যুৱক দুজনে কৰ্তব্য পালনৰ উপৰিও অৰ্থনৈতিক দিশটো টনকিয়াল কৰাৰ বাবে চিন্তা কৰিছে আত্মনিৰ্ভৰশীল হোৱাৰ । মাইক্ৰ’ফাইনেঞ্চৰ কবলৰ পৰা সমাজক উদ্ধাৰ কৰাৰ পৰিকল্পনা যুৱক দুজনৰ । এই পৰিকল্পনা আগত লৈ মতিয়ৰ আৰু চাহজাহান নামৰ দুই ভাতৃয়ে আৰম্ভণি কৰে সংগ্ৰামৰ ৷ মতিয়ৰে ঘৰতে নিজাববীয়াকৈ মেচিনৰ সহায়ত কুকুৰাৰ পোৱালী জন্ম দিয়া কাৰ্য আৰম্ভ কৰাৰ বিপৰীতে চাহজাহানে পালন কৰে হাঁহ ৷ লক্​ ডাউনৰ ভয়াবহ সংকটৰ সময়ত প্ৰত্যাহ্বান নেওচি দুয়োজনে প্ৰায় চাৰি শতাধিক হাঁহ-কুকুৰা পালন কৰিবলৈ সক্ষম হৈছে ৷ সমান্তৰালকৈ অন্য কৃষিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে উদীয়মান যুৱকদ্বয়ে । যুৱকদ্বয়ৰ কাৰ্যৰ ফলত সম্প্ৰতি গাঁৱবাসীৰ বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে ভাতৃদ্বয় ৷

গৌৰীপুৰৰ আদৰ্শ ভাতৃদ্বয়ৰ কথাৰে..

লগতে চাওকঃ সংকটৰ সময়তে শ্ৰমিকৰ অধিকাৰ খৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.