ETV Bharat / state

পানীত বুৰ গৈ থকা এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

বিগত চাৰিটা বছৰে পানীৰ তলত পৰি আছে ধুবুৰী জিলাৰ এক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । 2017 চনৰ পৰা পানীত বুৰ যোৱা স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰতি কোনো গুৰুত্ব নাই চৰকাৰ, প্রশাসন তথা জন প্ৰতিনিধিৰ ।

2017 চনৰ পৰা পানীত বুৰ গৈ আছে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Feb 14, 2021, 2:23 PM IST

ধুবুৰী,14 ফেব্ৰুৱাৰী: ধুবুৰী জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত আইকাটা বজাৰত অৱস্থিত নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো 2017 চনৰ বানৰ পৰা আজিলৈকে প্ৰায় চাৰিটা বছৰ ধৰি পানীত পৰি আছে । যি সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডক অধিক গুৰুত্ব প্ৰদান কৰি থকা হৈছে বুলি চৰকাৰে দাবী কৰি আহিছে তেনে সময়তে বিগত চাৰি বছৰ ধৰি পানীৰ তলত পৰি ৰৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷ পুনৰ নিৰ্মানণ অথবা পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰ, প্ৰশাসন তথা জন প্ৰতিনিধিৰ ৷

2017 চনৰ পৰা পানীত বুৰ গৈ আছে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
2017 চনৰ পৰা পানীত বুৰ গৈ আছে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

যাৰ ফলত আজি বৃহত্তৰ আইৰকাটা অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে । দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীৰ লগতে উপ-সভাপতি শ্বাহিন জাবেদ আহমেদ আৰু স্থানীয় শিক্ষাবিদ মীৰ আব্দুল আৱালে পানীত পৰি থকা স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি দুখ প্ৰকাশ কৰি কয় যে, চৰকাৰ প্ৰশাসন আৰু স্থানীয় জন প্ৰতিনিধিসকলৰ চৰম অৱহেলা আৰু গাফিলাতিৰ বাবেই বৃহত্তৰ আইৰকাটা অঞ্চলবাসী ৰাইজে স্বাস্থ্য সেৱাৰ পৰা একপ্ৰকাৰ বঞ্চিত হ'বলগীয়া হৈছে । অতি সোনকালে স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰি ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: মাচুল দিব নোৱাৰাৰ বাবে শিক্ষাৰ্থীক বহিষ্কাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.