ধুবুৰী, 4 জুন : ধুবুৰীৰ গৌৰীপুৰত নতুনকৈ চিনাক্ত হৈছে ক'ভিড-১৯ আক্ৰান্ত এগৰাকী মহিলা ৷ দুমহীয়া সন্তানৰ মাতৃগৰাকীৰ দেহত পোৱা গ'ল মহামাৰী কৰ'ণা ভাইৰাছ ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে ধুবুৰীৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে ক'ভিড-১৯ত। আক্ৰান্ত মহিলা গৰাকীৰ বয়স ১৯ বছৰ । জানিব পৰা মতে বিহাৰৰ কাঠিয়া জিলাত ইটাভাটাত কাম কৰিবলৈ গৈছিল স্বামীৰ সৈতে মহিলাগৰাকী ৷
ক'ভিড-১৯ত আক্ৰান্ত ধুবুৰীৰ এগৰাকী মাতৃ ! কিন্তু বিহাৰৰ পৰা আহি তামাৰহাটৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৯ দিন থকাৰ পিচত ৪ দিন পূৰ্বে গৌৰীপুৰ থানাৰ অৰ্ন্তগত বাঘমাৰা নিজ গাঁৱলৈ গৈছিল তেওঁ ৷ ক'ভিড-19 ধৰা পৰাত স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনে দুমহীয়া সন্তানসহ মহিলাগৰাকীক এম্বুলেঞ্চৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে।
লগতে পঢ়ক : ওদালগুৰিত পুনৰ 28 জন লোক ক'ৰণা ভাইৰাছত আক্ৰান্ত