ধুবুৰী, 29 জানুৱাৰী : বিজেপিৰ আগন্তুক নিৰ্বাচনীক ইস্তাহাৰ প্ৰস্তুতকৰণক কেন্দ্ৰ কৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই গঠন কৰিছে এখন বিশেষ কমিটি ৷ ইতিমধ্যে এই কমিতিয়ে ইস্তাহাৰ প্ৰস্তুতকৰণৰ উদ্দেশ্যে জিলাই জিলাই ৰাইজৰ কাষ চপাৰ আৰম্ভ কৰিছে ৷
কমিতিখলে প্ৰতিখন জিলাৰ ঠাইয়ে ঠাইয়ে আয়োজন কৰিছে বিশেষ সভাৰ ৷ উক্ত সভাতে প্ৰত্যেক জিলাৰ ভিন্ন ঠাইৰ সমাজিকভাৱে সচেতন লোক, বুদ্ধিজীৱী, শিক্ষাবিদ, সাংবাদিক আৰু সমাজসেৱক আৰু বিশিষ্ট ব্যক্তিসকলৰ বিজেপিৰ ইস্তাহাৰৰ প্ৰস্তুত কৰিবৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিছে কমিতিৰ বিষয়ববীয়া সকলে ৷
বৃহস্পতিবাৰে ধুবুৰীৰ টাউন হোটেলৰ সভা কক্ষত এই বিষয়ক লৈ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা। সভাত উপস্থিত থাকে বিজেপি দলৰ ইস্তাহাৰ সমিতিৰ সদস্য ড০ ননি গোপাল মহন্ত, বিজেপি ৰ জিলা সভাপতি ড০ দেৱময় সন্ন্যাল, ৰাজ্যিক সদস্য বিমল ওচোৱাল আদি।
উক্ত সভাত বিভিন্ন জনে ধুবুৰী জিলাৰ বিভিন্ন সমস্যা সম্পৰ্কে অৱগত কৰাৰ লগতে কেইবাটাও দাবী উত্থাপিত কৰে। বিশেষ ভাবে জিলাখনত এখনি বিশ্ববিদ্যালয়, কৃষি মহাবিদ্যালয়, ধুবুৰীৰ বান সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা, ঐতিহাসিক জুইশলাৰ কাৰখানাৰ মাটিত উদ্যোগ স্থাপনকে আদি কৰি বহু কেইটা দাবী সভাত উত্থাপন কৰে ।
লগতে পঢ়ক: ৰাজ্যত সম্পূৰ্ণ ৪০ হাজাৰ ক'ভিডৰ টীকাকৰণঃ ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত ডঃ লক্ষ্মণন