ETV Bharat / state

তিনিবছৰে পানীৰ তলত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰঃ নিৰ্বিকাৰ স্বাস্থ্য বিভাগ - স্বাস্থ্য বিভাগৰ দায়বদ্ধতাৰ ফোপোলা স্বৰূপ

ধুবুৰীস্থিত এই প্ৰাথমিক স্বাস্থ্য সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে শতাধিক অঞ্চলবাসী ৷ অতি শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মান কৰি ৰাইজক সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাই ৷

A health care center is under water for 3 years in Dhubri
তিনিবছৰে পানীৰ তলত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰঃ নিৰ্বিকাৰ স্বাস্থ্য বিভাগ
author img

By

Published : Oct 12, 2020, 11:29 AM IST

ধুবুৰী, 12 অক্টোবৰ : ধুবুৰী জিলাৰ আইকাটা বজাৰস্থিত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই উদঙাইছে স্বাস্থ্য বিভাগৰ দায়বদ্ধতাৰ ফোপোলা স্বৰূপ ৷ বিগত তিনিবছৰে পানীত বুৰ গৈ আছে আইৰকাটা বজাৰৰ নদী কাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷ কিন্তু কেন্দ্ৰটো অন্য স্থানলৈ স্থানান্তৰ কৰা বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিগত তিনি বছৰে বিভাগটোৱে নললে কোনো পদক্ষেপ ৷ যাৰ বাবে প্ৰাথমিক স্বাস্থ্য সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে অঞ্চলবাসী ৷ অতি শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মান কৰি ৰাইজক সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

A health care center is under water for 3 years in Dhubri
আইৰকাটা বজাৰৰ নদী কাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো

উল্লেখ্য যে, 2017 চনৰ বানপানী আৰু গৰাখহনীয়াত জাহ গৈছিল এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷ তেতিয়াৰে পৰা আজিলৈকে প্ৰায় তিনি বছৰ ধৰি দ' খাৱৈত পানীৰ মাজত পৰি আছে কেন্দ্ৰটো ৷ স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰ, প্ৰশাসন আৰু স্থানীয় সাংসদ-বিধায়কে ৷ চৰকাৰ, জিলা প্ৰশাসন আৰু সাংসদ বিধায়কৰ অমনোযোগিতাৰ বাবেই বৰ্তমান স্বাস্থ্য সেৱাৰ নামত জীয়াতু ভুগিবলগীয়া হৈছে বৃহত্তৰ আইৰকাটা অঞ্চলৰ ৰাইজে ৷

তিনিবছৰে পানীৰ তলত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰঃ নিৰ্বিকাৰ স্বাস্থ্য বিভাগ

স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী মন্তব্য কৰে যে, চৰকাৰ প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধি সকলৰ চৰম অৱহেলা আৰু গাফিলাতিৰ কাৰণে বৃহৎ আইৰকাটা অঞ্চলবাসী ৰাইজে স্বাস্থ্য সেৱাৰ বঞ্চিত হৈ আহিছে৷ অতি সোনকালে স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মান কৰি ৰাইজৰ বাবে মুকলি কৰি দিবলৈ আহ্বান জনাইছে ছাত্ৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ দিনত কংগ্ৰেছ আৰু ৰাতি বিজেপি কৰা লোকৰ বাবে কংগ্ৰেছত স্থান নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.