ধুবুৰী,01 জুলাই: বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ উপায়ুক্তৰ নেতৃত্বত বাংলাদেশ চৰকাৰৰ দহ জনীয়া এটা প্ৰশাসনিক সঁজাতি দল দেওবাৰে আহি উপস্থিত হয় ভাৰতৰ সীমান্তৱৰ্তী তথা অসমৰ ধুবুৰী জিলাত ৷ ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্ত গেটৰ পৰা বাংলাদেশৰ সঁজাতি দলটোক আদৰি অনা হয় ধুবুৰীলৈ ৷ ইতিমধ্যে ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈছে বাংলাদেশৰ প্ৰশাসনিক দলটো ৷ উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ গাতে লাগি থকা বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ চুলতানা পাৰবিন,জিলা অতিৰিক্ত দণ্ডাধীশ জিলুফা চুলতানা,বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ বিষয়া মহম্মদ জামাল হুছেইন,উপ জিলা বিষয়া মেহদি হাছান,কুৰিগ্ৰাম জিলা আৰক্ষী অধীক্ষক মহম্মদ মহিবুল ইছলাম খানকে ধৰি বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ দহ জনীয়া সঁজাতি দলটোৱে সোমবাৰে পুৱা দহ বজাত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰিব ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ৷ উক্ত সভাত ভাৰতৰ হৈ ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী,দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত অতিকা চুলতানা,উপস্থিত থকাৰ বিপৰীতে দুয়োখন সীমান্তৱৰ্তী জিলাৰ কেইবাজনো অতিৰিক্ত উপায়ুক্ত জিলা আৰক্ষী অধীক্ষককে ধৰি উপস্থিত থাকিব দুয়োখন জিলা প্ৰশাসনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পদস্ত বিষয়াকে ধৰি মুঠ 24 গৰাকীকৈ বিষয়া ৷ এই সভাত সীমান্তৰে হৈ থকা বিভিন্ন চোৰাং বেহা,সীমা সমস্যা,সীমান্তৰ পিলাৰ আদি বিভিন্ন সীমান্ত সমস্যাৱলীৰ ওপৰত বিভিন্ন দিশ সামৰি আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে দুয়োখন দেশৰ প্ৰশাসনে ৷ আনহাতে ধুবুৰীৰ গোলকগঞ্জৰ সোনাহাট আৰু মানকাচৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ আমদানি-ৰপ্তানি সম্পৰ্কেও আলোচনা কৰা হ'ব এই বৈঠকত ৷ এনে ইতিবাচক বৈঠক বা আলোচনাৰ জৰিয়তে দুয়োখন দেশৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাৰ লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এক শুভ বাৰ্তা অহাৰ সম্ভাৱনা আছে ৷
ধুবুৰীত উপস্থিত বাংলাদেশৰ প্ৰশাসনিক সঁজাতি দল - ভাৰত-বাংলা
দেওবাৰে ধুবুৰীত উপস্থিত বাংলাদেশ প্ৰশাসনিক সঁজাতি দল । বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ উপায়ুক্তকে ধৰি দহজনীয়া প্ৰশাসনিক বিষয়াৰ সঁজাতি দল ধুবুৰীত উপস্থিত হৈ সোমবাৰে ধুবুৰী জিলা প্ৰশাসনৰ সৈতে বিশেষ বৈঠকত অংশ ল'ব ।
ধুবুৰী,01 জুলাই: বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ উপায়ুক্তৰ নেতৃত্বত বাংলাদেশ চৰকাৰৰ দহ জনীয়া এটা প্ৰশাসনিক সঁজাতি দল দেওবাৰে আহি উপস্থিত হয় ভাৰতৰ সীমান্তৱৰ্তী তথা অসমৰ ধুবুৰী জিলাত ৷ ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্ত গেটৰ পৰা বাংলাদেশৰ সঁজাতি দলটোক আদৰি অনা হয় ধুবুৰীলৈ ৷ ইতিমধ্যে ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈছে বাংলাদেশৰ প্ৰশাসনিক দলটো ৷ উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ গাতে লাগি থকা বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ চুলতানা পাৰবিন,জিলা অতিৰিক্ত দণ্ডাধীশ জিলুফা চুলতানা,বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ বিষয়া মহম্মদ জামাল হুছেইন,উপ জিলা বিষয়া মেহদি হাছান,কুৰিগ্ৰাম জিলা আৰক্ষী অধীক্ষক মহম্মদ মহিবুল ইছলাম খানকে ধৰি বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ দহ জনীয়া সঁজাতি দলটোৱে সোমবাৰে পুৱা দহ বজাত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰিব ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ৷ উক্ত সভাত ভাৰতৰ হৈ ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী,দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত অতিকা চুলতানা,উপস্থিত থকাৰ বিপৰীতে দুয়োখন সীমান্তৱৰ্তী জিলাৰ কেইবাজনো অতিৰিক্ত উপায়ুক্ত জিলা আৰক্ষী অধীক্ষককে ধৰি উপস্থিত থাকিব দুয়োখন জিলা প্ৰশাসনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পদস্ত বিষয়াকে ধৰি মুঠ 24 গৰাকীকৈ বিষয়া ৷ এই সভাত সীমান্তৰে হৈ থকা বিভিন্ন চোৰাং বেহা,সীমা সমস্যা,সীমান্তৰ পিলাৰ আদি বিভিন্ন সীমান্ত সমস্যাৱলীৰ ওপৰত বিভিন্ন দিশ সামৰি আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে দুয়োখন দেশৰ প্ৰশাসনে ৷ আনহাতে ধুবুৰীৰ গোলকগঞ্জৰ সোনাহাট আৰু মানকাচৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ আমদানি-ৰপ্তানি সম্পৰ্কেও আলোচনা কৰা হ'ব এই বৈঠকত ৷ এনে ইতিবাচক বৈঠক বা আলোচনাৰ জৰিয়তে দুয়োখন দেশৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাৰ লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এক শুভ বাৰ্তা অহাৰ সম্ভাৱনা আছে ৷
Body:
হয়, আজি হঠাৎ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ জিলা উপায়ুক্তৰ নেতৃত্বত বাংলাদেশ চৰকাৰৰ দহ জনীয়া এটা প্ৰশাসনিক সজাতি দল উপস্থিত হয় ভাৰতৰ সীমান্তৱৰ্তী জিলা ধুবুৰীত। ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা পশ্চিম বংগৰ ভাৰত বাংলা সীমান্ত গেটৰ পৰা বাংলাদেশৰ সজাতি দলটোক আদৰি অনা হয় ধুবুৰীলৈ। ইতিমধ্যে ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈছে বাংলাদেশৰ প্ৰশাসনিক দলটোৱে।
উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ গাতে লাগি থকা বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ চুলতানা পাৰবিন, জিলা অতিৰিক্ত দণ্ডাধীশ জিলুফা চুলতানা, বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ বিষয়া মহম্মদ জামাল হুছেইন, উপ জিলা বিষয়া মেহদি হাছান, কুৰিগ্ৰাম জিলা আৰক্ষী অধীক্ষক মহম্মদ মহিবুল ইছলাম খানকে ধৰি বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ দহ জনীয়া সজাতি দলটোৱে পুৱা দহ বজাত ধুবুৰী জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰিব। উক্ত সভাত ভাৰতৰ ফালৰ পৰা ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত অতিকা চুলতানা, উপস্থিত থকাৰ বিপৰীতে দুয়োখন সীমান্তৱৰ্তী জিলাৰ কেইবাজনো অতিৰিক্ত উপায়ুক্ত জিলা আৰক্ষী অধীক্ষককে ধৰি দুয়োখন জিলা প্ৰশাসনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পদস্ত বিষয়াকে ধৰি মুঠ ২৪ গৰাকীকৈ বিষয়া উপস্থিত থাকিব।
এই সভাত সীমান্তৰে হৈ থকা বিভিন্ন চোৰাং কাৰবাৰ, সীমা সমস্যা, সীমান্তৰ পিলাৰ আদি বিভিন্ন সীমান্ত সমস্যাৱালীৰ ওপৰত বিভিন্ন দিশ সামৰি আলোচনা কৰা হব বুলি দুয়োখন দেশৰ প্ৰশাসনে জনাইছে। আনহাতে ধুবুৰীৰ গোলকগঞ্জৰ সোনাহাট আৰু মানকাচৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ আমদানি ৰপ্তানি সম্পৰ্কেও আলোচনা কৰা হব এই বৈঠকত।
Byte:- (802) চুলতানা পাৰবিন, জিলা উপায়ুক্ত, কুৰিগ্ৰাম, বাংলাদেশ।
Byte:- (803) অনিমেশ তালুকদাৰ, জিলা অতিৰিক্ত উপায়ুক্ত, ধুবুৰী।
Conclusion:
উল্লেখযোগ্য যে, এনে ইতিবাচক বৈঠক বা আলোচনাৰ জৰিয়তে দুয়োখন দেশৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাৰ লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এক শুভ বাৰ্তা অহাৰ সম্ভাৱনা আছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।