ধুবুৰী, 15 ডিচেম্বৰ: ঘন-কুঁৱলীয়ে ছানি ধৰাৰ বাবে শীতকালৰ এই সময়চোৱাত যান-বাহন চলোৱাৰ ক্ষেত্ৰত সৃষ্টি হয় যথেষ্ট অসুবিধাৰ ৷ শেহতীয়াকৈ ঘন কুঁৱলীৰ বাবেই ধুবুৰীৰ বালাজানৰ ডুমৰদহত 14 ডিচেম্বৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Dhubri) ৷
তথ্য অনুসৰি গৌৰীপুৰৰ পৰা আগমনী অভিমুখে গৈ থকা AS 09 G 4919 নম্বৰৰ মটৰ চাইকেল এখনে খুন্দা মাৰে এগৰাকী চাইকেল আৰোহীক ৷ মুখামুখি সংঘৰ্ষত মটৰ চাইকেল আৰোহীজন থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চাইকেল আৰোহীগৰাকী ৷
নিহত ব্যক্তিজন আগমনী কালডোবা প্ৰথম খণ্ড গাঁৱৰ ছাইদুল শেখ বুলি জানিব পৰা গৈছে ৷ আনহাতে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কাঠলতলা গাঁৱৰ আমজাদ আলী ৷
লগতে পঢ়ক: Coonoor chopper crash: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে গ্ৰুপ কেপ্টেইন বৰুণ সিঙে