ETV Bharat / state

ধুবুৰীত মহামাৰীৰ ৰূপত জাপানীজ এনকেফেলাইটিছ

ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিত আক্ৰান্ত হৈছে চাৰিজনকৈলোক । ইতিমধ্যে দুজনৰ মৃত্যু ৷

ধুবুৰীত মহামাৰীৰ ৰূপত জাপানীজ এনকেফেলাইটিছ
author img

By

Published : Jul 14, 2019, 12:11 AM IST

ধুবুৰী, ১৩ জুলাই : ৰাজ্যৰ আন জিলাৰ লগতে এইবাৰ ধুবুৰী জিলাতো মহামাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে । জিলাখনৰ বিলাসীপাৰা পশ্চিম সমষ্টিত যোৱা কেইটা দিনত চাৰিজনকৈ লোক আক্ৰান্ত হৈছে । ইয়াৰে এজন বৃদ্ধলোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । উল্লেখযোগ্য যে বিলাসিপাৰা পশ্চিম সমষ্টিৰ কাউনবাৰী গাঁওৰ আব্দুল জলিলৰ আঠ বছৰীয়া কন্যা জুলেখা খাতুন আজি প্ৰায় বিশ দিন মান পূৰ্বে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয় । উন্নত চিকিৎসাৰ বাবে শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও দুই সপ্তাহ চিকিৎসা গ্ৰহণৰ পিছত আৰ্থিক ভাৱে জুৰুলা হৈ পৰা দৰিদ্ৰ পৰিয়ালটোৱে শিশুটিক ঘৰলৈ উভতাই আনি কাষ চাপিছে কবিৰাজৰ । আচৰিত যে মহামাৰী ৰোগটোৰ চিকিৎসা চৰকাৰী ফালৰ পৰা বিনামূলীয়া ভাবে কৰা হৈছে বুলি চৰকাৰে কোৱাৰ পিছতো অৰ্থৰ অভাৱত কবিৰাজৰ কাষ চাপিব লগীয়া হৈছে পৰিয়ালটো । অন্ধ বিশ্বাসৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালটোৰ খবৰ নিবলৈ আজি শুকুৰবাৰৰ উপস্থিত হয় সাংবাদিকৰ লগতে স্থানীয় পঞ্চায়ত সভানেত্ৰীৰ স্বামী আবুল কালাম আৰু আমছু নেতা দিলোৱাৰ হুছেইন সহ স্থানীয় একাংশ লোক । একদৰে ধুবুৰীৰ বাংলাদেশ সীমান্তবৰ্তী ৰতিয়াদাহ তৃতীয় খন্ড গাঁৱত শনিবাৰে জাপানীজ এনকেফেলাইটিচত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ গাঁও খনৰ সৰলা বিবি নামৰ মহিলা গৰাকী দীৰ্ঘদিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ আছিল ৷

Intro: জাপানীজ এনকেফেলাইটিছ। বৰ্তমান আতংকৰ আন এটা শব্দ হৈছে জাপানীজ এনকেফেলাইটিছ। ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ নামৰ মাৰাত্মক ৰোগে মহামাৰী ৰূপ ধাৰণ কৰি অহা পৰিলক্ষিত হৈছে। বাত পৰি থকা নাই ধুবুৰী জিলা। ধুবুৰী জিলাতো সৃষ্টি হৈছে এক আতংকৰ।

Body: জাপানীজ এনকেফেলাইটিছ। বৰ্তমান আতংকৰ আন এটা শব্দ হৈছে জাপানীজ এনকেফেলাইটিছ। ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ নামৰ মাৰাত্মক ৰোগে মহামাৰী ৰূপ ধাৰণ কৰি অহা পৰিলক্ষিত হৈছে। বাত পৰি থকা নাই ধুবুৰী জিলা। জিলাখনৰ বিলাসিপাৰা পশ্চিম সমষ্টিত যোৱা কেইটা দিনত চাৰিজনকৈ লোক আক্ৰান্ত হৈছে। ইয়াৰে এজন বৃদ্ধই চিকিৎসাধীন অৱস্থাত জি এম এইচত শেষ নিঃশাস ত্যাগ কৰাৰ বিপৰীতে বিলাসিপাৰাৰ আন তিনিজনকৈ লোক আক্ৰান্ত হৈ আছে। ইয়াৰে এজন জি এম চি এইচত এজন বঙাইগাঁও চিকিৎসালয়ত আৰু আন এটি আঠ বছৰীয়া শিশু টকাৰ অভাৱত জি এম চি এইচৰ পৰা উভতি আহি কবিৰাজৰ স্বৰণাপন্ন হবলগীয়া হৈছে। দৰাচলতে বিলাসিপাৰা পশ্চিম সমষ্টিৰ কাউনবাৰী গাঁওৰ আব্দুল জলিলৰ আঠ বছৰীয়া কন্যা তথা তৃতীয় শ্ৰেণীত অধ্যয়ন কৰা জুলেখা খাতুন আজি প্ৰায় বিশ দিন মান পূৰ্বে জাপানীজ এনকেফেলাইটিছ ৰোগত চক্ৰান্ত হয়। পিছত শিশু টিক প্ৰথমতে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। যদিওঁ উন্নত চিকিৎসাৰ বাবে শিশুটিক জি এম চি এইচ লৈ প্ৰেৰণ কৰা হয়। সেইমতে জি এম চি এইচত দুই সপ্তাহ চিকিৎসা গ্ৰহণৰ পিছত আৰ্থিক ভাৱে জুৰুলা হৈ পৰা দৰিদ্ৰ পৰিয়ালটো তিনিদিন পূৰ্বে শিশুটি আৰোগ্য নোহোৱাকৈ ঘৰলৈ উভতি আনি তিনিদিনৰ পৰা কবিৰাজৰ স্বৰণাপন্ন হৈছে।
Byte:- শিশুটিৰ বাইদেউ

ইপিনে অন্ধ বিশ্বাসৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালটোৰ খবৰ নিবলৈ আজি শুকুৰবাৰৰ উপস্থিত হয় সাংবাদিকৰ লগতে স্থানীয় পঞ্চায়ত সভানেত্ৰীৰ স্বামী আবুল কালাম আৰু আমছু নেতা দিলোৱাৰ হুছেইন সহ স্থানীয় একাংশ লোক। কিন্তু ইতিমধ্যেই পৰিয়ালটোৱে শিশুটিক লৈ বিলাসিপাৰা ছোৱাপাতা অঞ্চলৰ এজন কবিৰাজৰ ঘৰলৈ লৈ জৰাফুঁকা কৰি আছে বিগত তিনিদিনৰ পৰা। উল্লেখযোগ্য যে, মহামাৰী ৰোগটোৰ চিকিৎসা চৰকাৰী ফালৰ পৰা বিনামূলীয়া ভাবে কৰা হৈছে বুলি চৰকাৰে কোৱাৰ সময়তে অৰ্থৰ অভাৱত চিকিৎসালয়ৰ পৰা ঘূৰাই আনি কবিৰাজৰ স্বৰণাপন্ন হৈছে দুৰ্ভগীয়া পৰিয়ালটো। সেয়ে চৰকাৰক ফটা ঢোল নবজাই প্ৰকৃততে কাম কৰি দেখুৱাবলৈ আহ্বান জনোৱাৰ লগতে অন্ধ বিশ্বাসৰ কবলৰ পৰা ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে।
Byte:- ( 810 ) আবুল কালাম

ইপিনে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিলোৱাৰ হুছেইনে অন্ধ বিশ্বাস কু সংস্কাৰৰ পৰা ৰাইজক ওলাই আহিবলৈ আহ্বান জনোৱাৰ বিপৰীতে চৰকাৰে আৰু স্থানীয় সাংসদ বিধায়কে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।

Byte:- (809) আমছু নেতা

Conclusion:উল্লেখযোগ্য যে, মহামাৰী ৰোগে সম্প্ৰতি ধুবুৰী জিলা খনত এক আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। যদিওঁ জিলা প্ৰশাসনৰ ফালৰ পৰা তেনে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

#( এটা ফাইল এফ টি পি ৰ পৰা লব প্লিজ )#
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.