ETV Bharat / state

বিলাসীপাৰাত পথ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যুঃ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 9, 2019, 3:06 PM IST

সুৰামত্ত সেনা জোৱানৰ উদ্ভাণ্ডলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগত ৰাইজ উত্তেজিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শতাধিক যান বাহন ৷

সুৰামত্ত সেনাৰ জোৱানৰ উদ্ভাণ্ডলিৰ ফলত নিঃশেষ এটা পৰিয়াল !

পশ্চিম বিলাসীপাৰা , 09 জুন : বিলাসীপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ সেনাৰ জোৱানৰ বাহনৰ সৈতে ছুইফট ডিজায়াৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে মৃত্যু হয় চাৰিজনকৈ লোকৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি AS-18-G-2930 নম্বৰৰ ছুইফট ডিজায়াৰ বাহন এখনৰে গোৱালপাৰাৰ পৰা ৰাহুল ৰায় সিংহ নামৰ লোকজনে পৰিয়ালসহ ধুবুৰী অভিমুখে গৈ আছিল ৷ তেনে সময়তে চিৰাকুটাত , বিপৰীত দিশৰ পৰা AS-17-J-0119 নম্বৰৰ সেনা জোৱানৰ স্কৰপিঅ' বাহন এখনৰ সৈতে ছুইফট ডিজায়াৰখনৰ প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত সেনা জোৱানকেইজন সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও ডিজায়াৰ বাহনখনত থকা গোৱালপাৰাৰ ৰাহুল ৰায় সিংহ আৰু চালক ৰুবুল থিতাতে নিহত হয় ৷ লগতে সংকটজনক অৱস্থাত ৰাহুল ৰায় সিংহৰ পত্নী দীপশিখা সিংহ আৰু দুই বছৰীয়া কন্যা সন্তান ময়ূখ সিংহক বিলাসীপাৰা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় দুয়ো মাতৃ কন্যাৰ ৷

সুৰামত্ত সেনাৰ জোৱানৰ উদ্ভাণ্ডলিৰ ফলত নিঃশেষ এটা পৰিয়াল !

ইপিনে সুৰামত্ত সেনা জোৱানৰ উদ্ভাণ্ডলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগত ৰাইজ উত্তেজিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শতাধিক যান বাহন ৷ আনহাতে মাত্ৰ কেই কিলোমিটাৰ মান নিলগত থকা শালকোচা আৰক্ষী ঘটনাস্থলীত প্ৰায় দুঘন্টা পলমকৈ উপস্থিত হোৱাত জাঙুৰ খাই উঠে জনতা ৷ উত্তেজিত জনতাই শালকোচা আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰাজহ চক্ৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ বৃহৎ সংখ্যক আৰক্ষী আৰু সেনা বাহিনীৰ দল মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে | উল্লেখ্য যে নিহত দীপশিখা সিংহ গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ খুলশালীয়েক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে মৃতদেহ কেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Intro:SLUG : BILASIPARA.ROAD ACCIDENT, (4)DEATH*
date - 9/6/19

A. I - বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা |
সেনা জোৱানৰ বাহনৰ সৈতে মুখামুখী সংঘৰ্ষ হয় সুইফট ডিজিয়াৰ বাহনৰ | ফলত
একেটা পৰিয়ালৰ দুই বছৰীয়া শিশু সহ তিনি জনকৈ লোক আৰু চালক জন নিহত হয় | সুৰাৰ ৰাগীত মাতাল সেনা জোৱান সকলৰ উদ্ভাণ্ডলিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা অভিযোগ ৰাইজৰ | দুৰ্ঘটনাত পতিত লোক সকলক উদ্ধাৰ কৰিবলৈ অহা লোকক সুৰামত্ত সেনা জোৱানে দুব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ৰাইজে |
সমুদায় ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ |Body:V. O - AS 18 G 2930 নম্বৰৰ সুইফট ডিজিয়াৰ বাহন খনৰে গোৱালপাৰাৰ পৰা ৰাহুল ৰায় সিংহই পৰিয়াল সহ ধুবুৰী অভিমুখে গৈ অাছিল | বিপৰিত দিশৰ পৰা AS 17 J -0119 নম্বৰৰ সেনা জোৱানৰ স্কৰপি'অ বাহন খনৰ সৈতে চিৰাকুটাত প্ৰচণ্ড জোৰে মুখামুখী সংঘৰ্ষ হয় | এই সংঘৰ্ষত সেনা জোৱান সকলে সামান্য আঘাত প্ৰাপ্ত হয় যদিও ডিজিয়াৰ বাহন খনত থকা গোৱালপাৰাৰ ৰাহুল ৰায় সিংহ আৰু চালক ৰুবুল থিতাতে নিহত হয় | লগতে সংকটজনক অৱস্থাত ৰাহুল ৰায় সিংহৰ পত্নী দীপশিখা সিংহ আৰু দুই বছৰীয়া কন্যা সন্তান ময়ুখ সিংহক বিলাসীপাৰা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় দুয়ো মাতৃ কন্যাৰ |Conclusion:সুৰামত্ত সেনা জোৱানৰ উদ্ভাণ্ডলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগত ৰাইজ এটা সময়ত উত্তেজিত হৈ পৰে | আৰু উত্তেজিত জনতাই ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তোলে | ফলত পথটোৰ দুয়োকাষে আৱদ্ধ হৈ পৰে শ শ যান বাহন | আনহাতে মাত্ৰ কেই কিলোমিটাৰ মান নিলগত থকা শালকোচা আৰক্ষী ঘটনাস্থলীত প্ৰায় দুঘন্টা পলম কৈ উপস্থিত হোৱাত জাঙুৰ খাই উঠে জনতা | উত্তেজিত জনতাই ভাঙচূড় কৰে শালকোচা আৰক্ষীৰ বাহন | পহুখেদা দিয়ে সেনা জোৱানক | পৰবৰ্তী সময়ত ঘটনাস্থলীত ৰাজহ চক্ৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ বৃহৎ সংখ্যক আৰক্ষী আৰু সেনা বাহিনীৰ দল মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে |
উল্লেখযোগ্য যে নিহত দীপশিখা সিংহ গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ খুলশালি বুলি জানিব পৰা গৈছে | ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে মৃতদেহ কেইটা মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে |
Bite
1(a+b+c+d) প্ৰত্যক্ষ দৰ্শী ৰাইজ,
2 অশোক কুমাৰ সিংহী, বিধায়ক, বিলাসীপাৰা |
পশ্চিম বিলাসীপাৰাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.