ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ 39 টা চোৰাং পশুধন - চোৰাং ম'হ জব্দ

ধুবুৰী সীমান্তৱৰ্তী অঞ্চলত সক্ৰিয় হৈ উঠিছে চোৰাং গৰু-ম’হৰ চিণ্ডিকেট চক্ৰ । এক গোপন তথ্যৰ ভিত্তিত শনিবাৰে বিটিএডিৰ বগৰিবাৰী আৰক্ষীৰ এটা দলে 20 টাকৈ চোৰাং ম'হ জব্দ কৰিবলৈ সক্ষম হয় ।

ধুবুৰীত জব্দ 39 টা চোৰাং পশুধন
ধুবুৰীত জব্দ 39 টা চোৰাং পশুধন
author img

By

Published : Apr 18, 2021, 8:46 AM IST

Updated : Apr 18, 2021, 10:00 AM IST

ধুবুৰী,18 এপ্ৰিল: ৰাজ্যত সক্ৰিয় হৈছে পশুধনৰ চোৰাং চিণ্ডিকেট চক্ৰ । বিশেষকৈ ধুবুৰী সীমান্তৱৰ্তী অঞ্চলত সক্ৰিয় হৈ উঠিছে চোৰাং গৰু-ম’হৰ চিণ্ডিকেট । শনিবাৰে এক গোপন তথ্যৰ ভিত্তিত বিটিএডিৰ বগৰিবাৰী আৰক্ষীৰ এটা দলে অভিযান চলাই বিটিএডিৰ বগৰিবাৰীত 20 টাকৈ চোৰাং ম'হ জব্দ কৰিবলৈ সক্ষম হয় । অসম-বংগ সীমান্ত ছাগলীয়া গেট হৈ ধুবুৰী জিলাৰ মাজেৰে চোৰাং পশুধন কঢ়িয়াই অনাৰ সময়তে উত্তৰ প্ৰদেশৰ UP-21-CN-3020 আৰু UP-21-CN-2019 নম্বৰৰ দুখনকৈ কণ্টেইনাৰ জব্দ কৰে ৷

ধুবুৰীত জব্দ 39 টা চোৰাং পশুধন
ধুবুৰীত জব্দ 39 টা চোৰাং পশুধন

উল্লেখ্য যে, মোজাফৰ নামৰ চোৰাং ব্যৱসায়ী এজনে অসমলৈ প্ৰায়ে চোৰাং পশুধন কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বাহন দুখন জব্দ কৰাৰ লগতে ছাগলীয়াত পুনৰ 19 টাকৈ চোৰাং ম'হ জব্দ কৰে আৰক্ষীয়ে ৷

ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ 39 টা চোৰাং পশুধন

চোৰাং পশুধনসহ আৰক্ষীয়ে ইয়াৰ লগত জড়িত থকা পাঁচজনকৈ লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে যদিও শনিবাৰৰ দিনটোত নামনি অসমত 39 টা পশুধন জব্দ কৰা হৈছে ৷

ধুবুৰীত জব্দ 39 টা চোৰাং পশুধন
ধুবুৰীত জব্দ 39 টা চোৰাং পশুধন

লগতে পঢ়ক: গোৰেশ্বৰত ড্ৰাগছসহ কৰায়ত্ত ৪ জন

Last Updated : Apr 18, 2021, 10:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.