ETV Bharat / state

ধুবুৰী জিলাৰ চান্দাখোল অঞ্চলত পশ্চিমবংগৰ 27 টা পৰিয়ালৰ হাহাকাৰ অৱস্থা - 27 family from West Bangal stuck in Dhuburi

বৰ্তমান চৰম অৰ্থ আৰু খাদ্য সংকটত পৰিছে লক ডাউনৰ ফলত আবদ্ধ হৈ পৰা এই পৰিয়াল কেইটা ৷ গহনা-মোবাইল বিক্ৰী কৰি এমুঠি অন্য যোগাৰ কৰিবলগীয়া হৈছে পৰিয়াল কেইটাই ৷ আনকি চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে একমাত্ৰ ভৰসা হৈছে তুলসীৰ পাত ৷

27 family from West Bangal stuck in Dhuburi due to lock down
ধুবুৰী জিলাৰ চান্দাখোল অঞ্চলত পশ্চিম বংগৰ 27 টা পৰিয়ালৰ হাহাকাৰ অৱস্থা
author img

By

Published : Apr 28, 2020, 9:05 PM IST

ধুবুৰী,28 এপ্ৰিল: দেশজুৰি অব্যাহত থকা লক ডাউনৰ বাবে ধুবুৰী জিলাৰ চান্দাখোল অঞ্চলত হাহাকাৰ অৱস্থা পশ্চিমবংগৰ 27 টা পৰিয়ালৰ 94 গৰাকী লোকৰ ৷ বৰ্তমান চৰম অৰ্থ আৰু খাদ্য সংকটত পৰিছে লক ডাউনৰ ফলত আবদ্ধ হৈ পৰা এই পৰিয়ালকেইটা ৷ গহনা-মোবাইল বিক্ৰী কৰি এমুঠি অন্য যোগাৰ কৰিবলগীয়া হৈছে পৰিয়াল কেইটাই ৷ আনকি চিকিৎসাৰ অভাৱত ৰোগাক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে একমাত্ৰ ভৰসা হৈছে তুলসীৰ পাত ৷

27 family from West Bangal stuck in Dhuburi due to lock down
ধুবুৰী জিলাৰ চান্দাখোল অঞ্চলত পশ্চিম বংগৰ 27 টা পৰিয়ালৰ হাহাকাৰ অৱস্থা

উল্লেখ্য যে বিগত চাৰি মাহ পূৰ্বে অৰ্থাৎ দেশত লক ডাউন বলবৎ হোৱাৰ পূৰ্বেই পশ্চিমবংগৰ উত্তৰ চব্বিশ পৰগনাৰ পৰা আহি ধুবুৰী জিলাৰ চান্দাখোল অঞ্চলত বাহৰ পাতিছিল বিভিন্ন যাদু খেলৰ লগতে আকৰ্ষণীয় খেল প্ৰদৰ্শন আৰু হাতত ব্যৱহাৰ কৰা মুকুতাৰ পাথৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়াল কেইটাই ৷ কিন্তু তাৰ মাজতেই কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে দেশত লক ডাউন জাৰি হোৱাত উক্ত অঞ্চলটোতে আবদ্ধ হৈ পৰে পৰিয়াল কেইটা ৷ প্ৰায় এমাহজোৰা লক ডাউনৰ বাবে পৰিয়াল কেইটাৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ আনহাতে বৰ্তমান কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰেড জ'নত থকা ধুবুৰী জিলাত আশ্ৰয় গ্ৰহণ কৰি থকা এই সকল লোকৰ মাজত নাই কোনো সামাজিক দুৰত্ব ৷ নাই চেনিটাইজাৰৰ ব্যৱস্থা ৷ কিন্তু ইয়াৰ পিছতো প্ৰশাসনৰ দৃষ্টি গোচৰ হোৱা নাই এই ভয়াৱহ বাস্তৱ ছবি ৷

উল্লেখ্য যে ৰমজান মাহ চলি থকাৰ বাবে ধৰ্মীয় নিময় ৰোজা মানি চলাত বিশেষ ভাৱে অসুবিধাৰ সন্মুখীন হৈছে পৰিয়ালকেইটা ৷ জিলা প্ৰশাসনৰ ফালৰ পৰা সামান্য সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিওঁ সেয়াই যথেষ্ট নহয় বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়াল কেইটাই ৷ ইপিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ লগতে শিশু সকলৰ খাদ্যক লৈ চিন্তিত হৈ পৰিছে পিতৃ মাতৃসকল ৷ আনকি একাংশই এমুঠি অন্য যোগাৰ কৰিবলৈ বিক্ৰী কৰিব লগীয়া হৈছে নিজৰ গহনা আৰু মোবাইল ফোন ৷

লগতে পঢ়কঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.