ETV Bharat / state

ধুবুৰীত পুনৰ দুজন ক’ভিড ৰোগীৰ মৃত্যু

author img

By

Published : Aug 16, 2020, 6:13 PM IST

ধুবুৰী জিলাখনত ক’ভিড ৰোগীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আঠ জনলৈ বৃদ্ধি ৷ কৰ‘ণা ভাইৰাছৰ দ্বাৰা এই প্ৰযন্ত ধুবুৰীত দুহেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ৷

ধুবুৰীত পুনৰ দুজন ক’ভিড ৰোগীৰ মৃত্যু
ধুবুৰীত পুনৰ দুজন ক’ভিড ৰোগীৰ মৃত্যু

ধুবুৰী,16 আগষ্টঃ ধুবুৰীত দেওবাৰে পুনৰ দুজন ক’ভিড ৰোগীৰ মৃত্যু হয় । এজন ধুবুৰী অসামৰিক চিকিৎসালয়ত আৰু আনজনৰ গুৱাহাটী ক’ভিড চিকিৎসালয়ত মৃত্যু হয় ।

ইয়াৰ পূৰ্বে জিলাখনত ছয়জনকৈ ৰোগীৰ মৃত্যু হোৱাৰ পিছত আজি দুজনকৈ ৰোগীৰ মৃত্যু হয় । ইয়াৰে ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱাজন ধুবুৰী চহৰৰ এন এছ ৰোডৰ বাসিন্দা তৰুণ কুমাৰ ৰক্ষিত (৬১) আৰু গুৱাহাটীৰ চিকিৎসালয়ত মৃত্যু হোৱা আনজন হৈছে গৌৰীপুৰ নগৰৰ চাৰি নম্বৰ ৱাৰ্ডৰ আবু বক্কৰ । জানিব পৰামতে তৰুণ কুমাৰ ৰক্ষিত বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল আৰু দেওবাৰে দিনৰ 12:30 মান বজাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

বৰ্তমানে ধুবুৰী জিলাখনত ক’ভিড ৰোগীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আঠ জনলৈ বৃদ্ধি পালে ৷ উল্লেখযোগ্য যে, জিলাখনত ইতিমধ্যে প্ৰায় দুই হাজাৰ লোক এই মহামাৰিত আক্ৰান্ত হৈছে । তেনে স্থলত জিলাখনত আঠজনকৈ ৰোগীৰ মৃত্যু হোৱা বার্তাই স্বাভাৱিক ভাবে আতংকৰ সৃষ্টি কৰিছে জিলাখনত ।
লগতে পঢ়কঃ 98 বছৰীয়া প্ৰাক্তন সৈনিকে পৰাস্ত কৰিলে কোভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.