ETV Bharat / state

Silapathar rape case : চিলাপথাৰৰ ধৰ্ষণকাণ্ডলৈ আৰক্ষীৰ ভূমিকাক সন্দেহ মহিলা‌ সুৰক্ষা ঐক্য মঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 3:09 PM IST

চিলাপথাৰত মহিলা‌ সুৰক্ষা ঐক্য মঞ্চৰ সংবাদমেল । গোচৰ পঞ্জীয়নৰ 16 দিনৰ পিচতো গ্ৰেপ্তাৰ নহ’ল নাবালিকা কন্যাক নিৰ্যাতন চলোৱা বিপ্লৱ চুতীয়া । এই অভিযোগ মহিলা সুৰক্ষা ঐক্যমঞ্চৰ ৷ এই সন্দৰ্ভত আৰক্ষী-প্ৰশাসনৰ তদন্তক সন্দেহ মহিলা সুৰক্ষা ঐক্য মঞ্চৰ ।

Women Protection Forum reacts on Silapathar rape case
চিলাপথাৰত মহিলা‌ সুৰক্ষা ঐক্য মঞ্চৰ সংবাদমেল

জোনাই, 30 ছেপ্টেম্বৰ : যোৱা 12 ছেপ্টেম্বৰত চিলাপথাৰৰ বামগাঁৱত 17 বছৰীয়া নিজ কন্যাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল বিয়াগোম ব্যৱসায়ী বিপ্লৱ ওৰফে বাবলু চুতীয়াৰ বিৰুদ্ধে । এই ঘটনাৰ সংক্ৰান্তত যোৱা 16 চেপ্টেম্বৰৰ দিনা দিছপুৰ থানাত POCSO ধাৰাৰ অধীনত এটা গোচৰ পঞ্জীয়ন হৈছিল ।

পিচে এই গোচৰ পঞ্জীয়নৰ 12 দিনৰ পিচতো গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত বাবলু চুতীয়া ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৃহস্পতিবাৰে চিলাপথাৰ প্ৰেছ ক্লাৱত মহিলা সুৰক্ষা ঐক্যমঞ্চই সম্বোধন কৰে এক সংবাদমেলৰ । বেটী পঢ়াও, বেটী বচাও শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত পিতৃৰ হাতত নিজ নাবালিকা কন্যা নিৰ্যাতন হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযুক্তৰ বিৰুদ্ধে POCSO ৰ অধীনত পঞ্জীয়নো হৈছে জামিন বিহীন গোচৰ । তথাপিও বৰ্তমান পৰ্যন্ত মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে অভিযুক্ত বাবলু চুতীয়া ৷ অভিযুক্ত বাবলু চুতীয়াৰ ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ ভূমিকাক সন্দেহ প্ৰকাশ কৰিছে মহিলা সুৰক্ষা ঐক্য মঞ্চৰ বিষয়ববীয়াই । উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হ’ব বুলিও মহিলা মঞ্চই সকিয়ানী প্ৰদান কৰে ৷

সংবাদমেলযোগে মহিলা সুৰক্ষা ঐক্যমঞ্চই কয়, ‘‘ঘটনাৰ 16 দিনৰ পিচতো অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ অন্তৰালত কি আছে ? নিজা কন্যাক ধৰ্ষণ কৰি পলাতক হৈ থকা বিপ্লৱ চুতীয়াৰ প্ৰতি আৰক্ষীৰ দৰদ কিয় ? ধন কুবেৰ অভিযুক্তই দিশপুৰলৈ মেনেজ কৰিছে নেকি ?’’

ইতিমধ্যে মহিলা সুৰক্ষা ঐক্য মঞ্চৰ তৰফৰ পৰা অভিযুক্ত বিপ্লৱ ওৰফে বাবলু চুতীয়াৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী আৰু ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিজাববীয়াকৈ গোচৰ দাখিল কৰিছে ।

লগতে পঢ়ক : Silapathar rape case: কন্যাক ভুলৰ বাবে মাৰপিটহে কৰিছিল; ধৰ্ষণৰ অভিযোগক ষড়যন্ত্ৰ আখ্যা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.