ETV Bharat / state

জোনাইত কন্টেইনমেন্ট জ’নত উত্তপ্ত পৰিস্থিতি - জোনাই আৰক্ষী

বাহিৰ জোনাই গাঁৱত মঙলবাৰে স্বাস্থ্য বিভাগৰ এটা দলে বাসিন্দাসকলৰ দ্বিতীয়বাৰৰ বাবে স্বাস্থ্য পৰীক্ষা কৰিবলৈ উপস্থিত হোৱাত স্বাস্থ্য বিভাগৰ দলটোক বাধা দিয়াৰ লগতে স্বাস্থ্য পৰীক্ষা কৰাবলৈ অমান্তি হয় গাঁও খনৰ লোক সকল ৷

warm situation containment zone
জোনাইত containment zoneত উতপ্ত পৰিস্থিতি
author img

By

Published : Jun 16, 2021, 10:28 PM IST

জোনাই, 16 জুন : জোনাইৰ এটা কন্টেইমেন্ট (containment zone) অঞ্চলত যোৱা মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ উল্লেখযোগ্য যে, জোনাইৰ ওপৰ বাহিৰ জোনাই গাঁওখনত স্বাস্থ্য বিভাগে পৰীক্ষা কৰাত ৪০ গৰাকী বাসিন্দাৰ দেহত ক’ভিড-19 (COVID-19) পজিটিভ ধৰা পৰে ৷ যাৰ বাবে এই ওপৰ বাহিৰ জোনাই গাঁও খনক ধেমাজি জিলা উপায়ুক্তই কন্টেইমেন্ট জ’ন (containment zone) হিচাপে যোৱা দেওবাৰে ঘোষণা কৰে ৷

ইপিনে এই ওপৰ বাহিৰ জোনাই গাঁও খনত মঙলবাৰে স্বাস্থ্য বিভাগৰ এটা দলে পুনৰ বাসিন্দাসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ উপস্থিত হোৱাত স্বাস্থ্য বিভাগৰ দলটোক বাধা দিয়াৰ লগতে স্বাস্থ্য পৰীক্ষা কৰাবলৈ অমান্তি হয় গাঁও খনৰ লোকসকল ৷ তাৰ সমান্তৰালকৈ গাঁৱৰ বাসিন্দাসকলে পৰ্যাপ্ত পৰিমাণে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ আনি পুৰুষ মহিলা সকলে ঘৰৰ পৰা ওলাই আহি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷

লগতে কন্টেইমেন্ট জ’ন বুলি লিখি থোৱা বাঁহৰ বেৰিকেডো ভাঙি পেলায় ৷ আনহাতে, ঘটানৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত জোনাই আৰক্ষী (Jonai Police) আৰু ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.