ETV Bharat / state

এক আবেগিক পৰিবেশত চিত্তৰঞ্জন বসুমতাৰীৰ বিদায় অনুষ্ঠান - CHITRA RANJAN BASUMATARY

সদৌ অসম ছাত্র সন্থাৰ ধেমাজি জিলা পৰিষদৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে বিদায় দিলে একালৰ সতীৰ্থ তথা জেষ্ঠ নেতা চিত্তৰঞ্জন বসুমতাৰীক ৷ আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থকা এই বিদায় অনুস্থানত জ্যেষ্ঠ সকলৰ চৰণ চুই সেৱা লোৱাৰ লগতে সকলোৰে লগত আলিংগন কৰি উচুপি উঠিল আছুৰ সদ্য বিদায়ী জেষ্ঠ নেতাজন ।

VARIOUS ORGANISATION OFFICIALLY FAREWELL  CHITRARANJAN BASUMATARY
বিভিন্ন দল-সংগঠনে আনুষ্ঠানিকভাৱে বিদায় দিলে চিত্তৰঞ্জন বসুমতাৰীক
author img

By

Published : Sep 15, 2020, 8:42 AM IST

Updated : Sep 15, 2020, 12:39 PM IST

ধেমাজি, 15 ছেপ্তেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী কেন্দ্ৰীয় উপসভাপতি চিত্তৰঞ্জন বসুমতাৰীক সোমবাৰে সদৌ ধেমাজি ছাত্র সন্থাৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আছুকে ধৰি বিভিন্ন দল সংগঠনে আনুষ্ঠানিকভাৱে জনালে বিদায় । আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থকা এই বিদায় অনুস্থানত জ্যেষ্ঠ সকলৰ চৰণ চুই সেৱা লোৱাৰ লগতে সকলোৰে লগত আলিংগন কৰি উচুপি উঠিল আছুৰ সদ্য বিদায়ী জেষ্ঠ নেতাজন । ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আতঁ ধৰা এই অনুষ্ঠানত উপস্থিত থাকি আগন্তুক দিনৰ বাবে শুভেচ্ছামূলক ভাষণ আগবঢ়াই আটাছুৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মনোজ গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ৰাতুল বুঢ়াগোহাঁইকে ধৰি বিভিন্ন দল সংগঠনৰ বহু সংখ্যক ছাত্রনেতা । অনুস্থানটোতে এখন শৰাই আৰু বঁটাৰে বিদায় সম্ভাষণ জনাই নেতাজনক ।

সোমবাৰৰ এই অনুষ্ঠানটোত জোনাই, বাহি জোনাই, টেলাম, ডেকাপাম, চিমেন চাপৰি, ডিমৌ, চিলাপথাৰ, চিচি বৰগাও, চিৰিপানি, মৰিধল, মাছখোৱা, হাতীগড় আদি আঞ্চলিকৰ কৰ্মীসকলেও উপস্থিত থাকি জনালে বিদায়ী সম্ভাষণ ।

বিভিন্ন দল-সংগঠনে আনুষ্ঠানিকভাৱে বিদায় দিলে চিত্তৰঞ্জন বসুমতাৰীক
ইপিনে সাংবাদিক আগত বসুমতাৰীয়ে কয়, ২২ বছৰৰ পৰিক্ৰমাৰ অন্তত ইতিমধ্যে আছু কেন্দ্ৰীয় সমিতিৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈ অহাৰ পিছতে আজি আছুৰ ধেমাজি জিলা পৰিষদৰ পৰাও ললো আনুষ্ঠানিক বিদায় । আনহাতে ৰাজ্যত গঠণ হোৱা নতুন ৰাজনৈতিক দলটোৰ আহ্বায়কৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাত সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি আগন্তুক দিনত অসমৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে ।
উল্লেখ্য যে ২০০৫ বৰ্ষত ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক আৰু ২০০৮ত জিলা সভাপতি পদ অলংকৃত কৰাৰ পিছত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্যৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক আৰু পৰৱৰ্তী সময়ত উপসভাপতিৰ দায়িত্ব নিয়াৰিকৈ কৰি গৈছিল সমাপন ৷

Last Updated : Sep 15, 2020, 12:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.