ETV Bharat / state

মাজৰবাৰীত কৰ’ণাৰ টীকাকৰণ

author img

By

Published : Jun 1, 2021, 2:32 PM IST

চিমেনমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰবাৰী অঞ্চলত প্ৰায় 11 খন গাঁৱৰ লোকক কৰ’ণাৰ টীকাকৰণৰ কাৰ্যসূচী হাতত লোৱা হয় ৷ জেবি ডেভেলপমেণ্ট ট্ৰাষ্ট আৰু অন্তৰংগ নামৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ সহযোগত মাজৰবাৰী অঞ্চলত ক’ভিড সজাগতামূলক শিবিৰ অনুষ্ঠিত কৰা হয় ৷

vaccination-programe-at-majbari
মাজৰবাৰীত কৰ’ণাৰ টীকাকৰণ

জোনাই,1 জুন: দেশজুৰি কৰ’ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি মাজৰবাৰি অঞ্চলকো কৰ’ণামুক্ত কৰিবৰ অৰ্থে সোমবাৰে চিচিবৰগাঁও খণ্ড প্ৰাথমিক কেন্দ্ৰ আৰু জে বি ডেভেলপমেন্ট ট্ৰাষ্ট (J B development Trust)ৰ তত্বাৱধানত আৰু অন্তৰংগ নামৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ ৷

এই প্ৰতিষ্ঠান দুটাৰ সহযোগত মেগা ৰেপিড এণ্টিজেন টেষ্টিং কাম 45+ কৰ’ণা ভেকচিনেচন কেম্প (Mega Rapid Antigen Testing Cum 45+ corona veccination Camp) নামেৰে মাজৰবাৰী অঞ্চলৰ আনন্দনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এক ক’ভিড সজাগতামূলক শিবিৰ অনুষ্ঠিত কৰা হয় ৷ ভাৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া পুষ্পধৰ দেউৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সজাগতা শিবিৰত অঞ্চলটোৰ লোকসকলক কৰ’ণাৰ টীকাকৰণ আৰু ৰেপিড এণ্টিজেন পৰীক্ষা (Rapid Antigen Test) কৰা হয় ৷ জে বি ডেভেলপমেণ্ট ট্ৰাষ্টে ৰাজ্যৰ বিভিন্ন চৰ-চাপৰি অঞ্চলত গৈ বিনামূলীয়াকৈ টীকাকৰণ ব্যৱস্থা কৰা কাৰ্য সচাকৈ প্ৰশংসনীয় ৷

লগতে পঢ়ক : GDP: ২০২০-২১ বৰ্ষত ভাৰতত ৭.৩ শতাংশ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.