ETV Bharat / state

Provincialized Buria Chapori MV School:২১৩ ছাত্র-ছাত্ৰীৰ বিপৰীতে মাথোঁ দুগৰাকী শিক্ষক, ক’ত চলিছে এই বিদ্যালয় ? - two teachers against 213 students

২০০৬ চনতে প্ৰাদেশীকৃত মেচাকি চাপৰিৰ বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়ত আঠটা শ্ৰেণীৰ ২১৩ ছাত্র-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক (Two teachers against 213 students) ৷ বুজন সংখ্যক শিক্ষক নিযুক্তিৰ দাবী অভিভাৱকৰ (Condition of provincialized mv school at jonai) ৷

buria chapori middle school
প্ৰাদেশীকৃত মেচাকি চাপৰিৰ বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়
author img

By

Published : Jun 6, 2023, 3:25 PM IST

জোনাই, ৬ জুন : মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত লাইমেকুৰী গাওঁ পঞ্চায়তৰ মেচাকি চাপৰি চক্ৰৰ বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়ৰ আঠটা শ্ৰেণীৰ ২১৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে দুগৰাকী শিক্ষক । ১৯৯৭ চনত প্ৰতিষ্ঠিত হোৱা বুড়িয়া চাপৰি প্ৰাথমিক বিদ্যালয়খন শিক্ষা নিশ্চিত আঁচনিৰ অধীনত ২০০৬ চনত প্ৰাদেশীকৰণ হোৱাৰ পাচত বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়খন মজলীয়া বিদ্যালয়লৈ উন্নীত কৰা হয় ।

বুড়িয়া চাপৰি প্ৰাথমিক বিদ্যালয়খন মজলীয়া বিদ্যালয়লৈ উন্নীত কৰাৰ সময়ৰ পৰাই তিনি চাৰি গৰাকী শিক্ষকে পাঠদান চলাই আহিছে । বিদ্যালয়খনত চলিত শিক্ষাবৰ্ষত 'ক' শ্ৰেণীত ১৬ গৰাকী, প্ৰথম শ্ৰেণীত ১৮ গৰাকী, দ্বিতীয় শ্ৰেণীত ২৮ গৰাকী, তৃতীয় শ্ৰেণীত ২০ গৰাকী, চতুৰ্থ শ্ৰেণীত ২৪ গৰাকী, পঞ্চম শ্ৰেণীত ২৫ গৰাকী, ষষ্ঠ শ্ৰেণীত ৩৬ গৰাকী, সপ্তম শ্ৰেণীত ৩০ গৰাকী আৰু অষ্টম শ্ৰেণীত ৩০ গৰাকীৰ সৈতে মুঠ ২১৩ গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে ।

শেহতীয়াভাৱে বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দায়িত্বত মনোহৰ পেগু, সহকাৰী শিক্ষক হিচাপে হীৰেণ গগৈ আৰু অমৃত যাদৱ কৰ্মৰত হৈ আছিল যদিও শেহতীয়াকৈ অসম চৰকাৰে দিয়া চাকৰিৰ নিযুক্তিত অমৃত যাদৱে হাইস্কুলত শিক্ষক হিচাপে সুবিধা লাভ কৰে । যাৰ ফলত এতিয়া বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়ৰ ২১৩ গৰাকী ছাত্র-ছাত্ৰীৰ বিপৰীতে প্ৰধান শিক্ষকৰ সৈতে দুগৰাকী শিক্ষকে পাঠদান চলাব লগীয়া হৈছে (Condition of Buria Chapori MV school) ।

উল্লেখ্য যে শিক্ষা অধিকাৰ আইন উলংঘা কৰি আঠটা শ্ৰেণীৰ মুঠ ২১৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কেৱল মাত্ৰ দুগৰাকী শিক্ষকে বুড়িয়া চাপৰি মজলীয়া বিদ্যালয়ত শিক্ষাদান কৰি আছে (Two teachers against 213 students) । আনহাতে আঠাইশখন গাওঁ সন্নিবিষ্ট মেচাকি চাপৰিত বৰ্তমানেও এখনো হাইস্কুল প্ৰতিষ্ঠা হোৱা নাই । যাৰ ফলত বৃহত্তৰ মেচাকি চাপৰিৰ ছাত্র-ছাত্ৰী সকলে ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ লালী নদী পাৰাপাৰ হৈ ৰামধন দিখাৰী, লাইমেকুৰী, তেলাম, চিমেন চাপৰি আদি ঠাইত ছাত্ৰাবাসত থাকি শিক্ষা গ্ৰহণ কৰিব লগা হৈ আহিছে ।

লগতে পঢ়ক : No rainfall in Assam this year:বৃষ্টিহীন প্ৰাক মৌচুমী; জেঠৰ শেষতো শুকান কঠীয়াতলী- বান-খৰাঙে পৃষ্ট কৰিব অসমক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.