ETV Bharat / state

জোনাই, ধেমাজিত জনপ্ৰিয় সোণেশ্বৰ আৰু ৰামচন্দ্ৰই নিৰ্মাণ কৰা চেণ্ডেল

author img

By

Published : Sep 7, 2020, 8:40 AM IST

ঘৰতে লঘু উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰাৰ লগতে আনৰ বাবে আদৰ্শ হৈ পৰিছে ধেমাজিৰ চিচিবৰগাঁৱৰ দুই যুৱক ক্ৰমে সোনেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়া ৷

Two man from Dhemaji make them self empowered by Starting new business
সংস্থাপন হীন সকলৰ আদৰ্শ হোৱা ধেমাজিৰ দুই যুৱক

জোনাই, 7 ছেপ্তেম্বৰ: দেশজুৰি জাৰি হোৱা লক ডাউনৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাইছে দেশৰ লাখ লাখ লোকে ৷ বিশেষকৈ কৰ্ম সংস্থাপন হেৰুৱাই নিজ নিজ ঘৰলৈ উভতিবলগীয়া হৈছে বহিঃৰাজ্যৰ বিভিন্ন উদ্যোগত নিয়োগ হৈ থকা শ শ যুৱকে ৷ কিন্তু এনে সময়তে বহিঃৰাজ্যৰ কৰ্ম সংস্থাপন হেৰুৱাই ঘৰলৈ উভতি অহা দুজন যুৱকে দেখুৱাইছে নিজৰ ঠাইতে আত্মনিৰ্ভৰশীল হোৱাৰ পথ ৷ ঘৰতে লঘু উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰাৰ লগতে আনৰ বাবে আদৰ্শ হৈ পৰিছে ধেমাজিৰ চিচিবৰগাঁৱৰ দুই যুৱক ক্ৰমে সোনেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়া ৷ দুই যুৱকে মিলি ঘৰতে মেচিন স্থাপন কৰি প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন ডিজাইনৰ হাৱাই চেণ্ডেল ৷ এই ব্যৱসায়েৰে বৰ্তমান সুন্দৰকৈ পৰিয়াল পোহপাল দিয়াৰ কথা জনালে দুয়ো গৰাকী উদ্যমী যুৱকে ৷

উল্লেখ্য যে, কিছু বছৰৰ পূৰ্বে বন্যহস্তীৰ গচকত পিতৃৰ মৃত্যুৰ পিছত ক্ষোভ আৰু হতাশাই ছানি ধৰা পৰিয়ালটোক সকাহ দিবৰ বাবে কামৰ সন্ধানত কেৰালালৈ ওলাই গৈছিল ধেমাজিৰ চিচিবৰগাঁও চুমনিৰ সোনেশ্বৰ দিহিঙীয়া নামৰ যুৱকজন ৷ কেৰালাত থাকিয়েই অকণমান মাটি কিনি সৰুকৈ এটা অসম আৰ্হিৰ পকী ঘৰ নিৰ্মাণ কৰা সোনেশ্বৰ দিহিঙীয়াই কৰ'ণাৰ সময়ছোৱাত সংস্থাপন হেৰুৱাই পুনৰ অসমলৈ উভতি আহে ৷ কিন্তু ঘৰলৈ উভতি আহি আনলৈ বাট নাচাই বন্ধু হেমচন্দ্ৰ শইকীয়াৰ লগ হৈ সোনেশ্বৰ দিহিঙীয়াই কেৰালাৰ কামৰ অভিজ্ঞতাক সাৰথি কৰি ঘৰতে আৰম্ভ কৰিলে হাৱাই চেণ্ডেলৰ লঘু উদ্যোগ ৷

সাঁচতীয়া টকাৰে গুৱাহাটীৰ পৰা যাৱতীয় মেছিন আনি আৰম্ভ কৰা হাৱাই চেণ্ডেল প্ৰস্তুতৰ কাম বৰ্তমান পূৰ্ণগতিত চলি আছে বুলি জনালে দুয়ো গৰাকী লোকে ৷ ইতিমধ্যে ধেমাজি, চিচিবৰগাওঁ, জোনাই, চিলাপথাৰ আৰু চিমেন চাপৰিত জনপ্ৰিয় হৈ পৰিছে সোনেশ্বৰ-ৰামচন্দ্ৰই ঘৰতে প্ৰস্তুত কৰা হাৱাই চেণ্ডেল ৷ বহিঃৰাজ্যৰ কৰ্ম সংস্থাপন হেৰুৱাই নিজৰ ঘৰতে কৰ্ম সংস্থাপনৰ বাট মুকলি কৰি লোৱা সোনেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়া সংস্থাপন হেৰুৱাই হতাশগ্ৰস্ত হৈ পৰা শ শ যুৱক যুৱতীৰ বাবে আদৰ্শৰ আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছে ৷

লগতে পঢ়কঃ এন এইছ পি চিৰ ট্ৰাক আৱদ্ধ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.