ETV Bharat / state

অচিন ৰোগৰ আতংক : জোনাইত ৮জন আক্ৰান্ত, ২জনৰ মৃত্যু

author img

By

Published : Dec 3, 2020, 7:38 PM IST

জোনাইত অচিন ৰোগত আক্ৰন্ত ৮ জন ৷ ইতিমধ্য়ে মৃত্যু ঘটিছে ২ জন লোকৰ ৷ নেদেখা জনৰ ওচৰত জীৱনৰ ভিক্ষা মাগিব লগা হৈছে অচিন ৰোগত আক্ৰান্ত লোকৰ পৰিয়াল আৰু গঞাই ৷

unidentified disease
অচিন ৰোগৰ আতংক : জোনাইত ৮জন আক্ৰান্ত, ২জনৰ মৃত্যু

জোনাই ৩ ডিচেম্বৰ : ক'ৰোনা মহামাৰী মাজতে জোনাইত অচিন ৰোগৰ আতংক ৷ ইতিমধ্যে এই অচিন ৰোগে জোনাইৰ দুজনকৈ লোকৰ প্ৰাণ কাঢ়িছে ৷ জোনাই মহকুমাৰ অতি পিছপৰা চিলে গাঁও পঞ্চায়তৰ বাহিৰ চিলেৰ উকিৰাম নৰহৰ পুত্ৰ প্ৰশন্ন নৰহ (৩০), মনেশ ঙাতেৰ পুত্ৰ বিজয় ঙাতে (১৭) নামৰ লোক দুজনৰ এই অচিন ৰোগত মৃত্যু হয় ৷ অস্বাভাৱিক ভাবে লোকদুজনৰ মৃত্যুৰ ঘটাক লৈ অঞ্চলটোৰ সাধাৰণ লোকসকলৰ মাজত আতংকৰ পৰিবেশে বিৰাজ কৰিছে ৷

ভৰি- হাতৰ দুৰ্বল হৈ খোজ কঢ়াত অসুবিধা হোৱা আৰু বমি এই ৰোগৰ লক্ষণ ৷ স্থানীয় লোক সকলে জানিবলৈ দিয়া মতে, এই অচিন ৰোগত বমিৰ লক্ষণ দেখা দিয়া সকল বেছিদিন বেমাৰত ভূগি নাথাকে আৰু অতি সোনকালে মৃত্যুক আঁকোৱালি লয় ৷ অচিন ৰোগবিধত আক্ৰান্ত ৰোগী সকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰা হৈছিল যদিও কোনোধৰণৰ সুফল পাবলৈ সক্ষম হোৱা নায় ৷ বৰ্তমানেও জোনাইৰ বাহিৰ চিলে গাঁৱৰ ছয়জনকৈ লোক ক্ৰমে নিলেছ ৰেগন, পুত্ৰ জনাৰ্ধন পেগু, মনোজ ঙাতে, ৰবিন ৰেগন, প্ৰমনাথ ৰেগন, প্ৰশান্ত নৰহ নামৰ লোক কেইজন এমাহ ধৰি অচিন ৰোগত আক্ৰান্ত হৈ থকা বুলি জানিব পৰা গৈছে ৷

এই পৰ্যন্ত চিকিৎসা বিজ্ঞানীয়েও এই অচিন ৰোগৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নায় ৷ চিকিৎসা বিজ্ঞানৰ বিফলতাৰ পিচত নেদেখা জনৰ ওচৰত জীৱনৰ ভিক্ষা মাগিব লগা হৈছে অচিন ৰোগত আক্ৰান্ত লোকৰ পৰিয়াল আৰু গাঁৱৰ ৰাইজে ৷ আনহাতে এই অচিন ৰোগৰ উন্নত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ল’বলৈ স্থানীয় লোকে দাবী জনাইছে ৷

লগতে পঢ়ক : ড্ৰাগছৰ ঘাটি উৎখাত অভিযানত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.