ধেমাজি, 26 নৱেম্বৰ : ধেমাজি নগৰত বন্তি প্ৰজ্বলনেৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি ৷ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সোঁৱৰণত বৃহস্পতিবাৰে সন্ধিয়া ধেমাজি নগৰত বন্তি প্ৰজ্বলন কৰে ধেমাজি ব্যৱসায়ী সমাজ আৰু বিভিন্ন দল-সংগঠনৰ কৰ্মীয়ে ৷ ধেমাজি তিনিআলি আৰু আৰক্ষী তিনিআলিৰ ট্ৰেফিক পইন্টৰ পকী অংশত মম আৰু মাটি চাকি প্ৰজ্বলন কৰি অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত মন্ত্ৰীগৰাকীক ৷
লগতে পঢ়ক : প্ৰয়াত তৰুণ গগৈৰ সৈতে থকা স্মৃতি সোঁৱৰণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ