ETV Bharat / state

Jadav Payeng celebrates Earth day: জন্মদিনত কেকৰ সলনি এজোপা গছ ৰুবলৈ আহ্বান যাদৱ পায়েঙৰ - অৰণ্য মানৱ যাদৱ পায়েং

বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে বহ্মপুত্ৰৰ কাৰেং চাপৰিত এক লাখ গছ পুলি ৰোপণ ৷ অসমৰ সৰ্ববৃহৎ মিচিং জনজাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন TMPK ৰ উদ্ব্যোগত আৰু MMK, TMMK ৰ যৌথ সহযোগত বগীবিলৰ উত্তৰ পাৰৰ কাৰেং চাপৰিৰ পাৰত আজি অনুষ্টিত হয় বিশ্ব ধৰিত্ৰী দিৱস (Tree plantation programme) ৷

tree plantation programme
ধৰিত্ৰী দিৱস পালন
author img

By

Published : Apr 22, 2023, 10:27 PM IST

ধৰিত্ৰী দিৱস পালন

ধেমাজি, 22 এপ্ৰিল : আজি বিশ্ব ধৰিত্ৰী দিৱস । ধেমাজি জিলা আৰু ডিব্ৰুগড়ৰ জিলাৰ সংযোগী বগীবিল দলঙৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত ধৰিত্ৰী দিৱসৰ দিনাই মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন টি এম পি কেৰ উদ্যোগত কাৰেং চাপৰিৰৰ ১৬ শ বিঘা মাটিত ১ লাখ গছ পুলি ৰোপণ কৰা হয় । ইয়াৰ বাবে সংগঠনটোৱে দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে কাৰেং চাপৰিত ধৰিত্ৰী দিৱসৰ লগতে তেওঁলোকৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰে ৷ ইয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ ১০ হাজাৰৰো অধিক টি এম পি কেৰ কৰ্মীয়ে ১ লাখৰো অধিক বিভিন্ন প্ৰজাতিৰ গছ পুলি কঢ়িয়াই আনি ৰোপণ কৰিলে এই বালিচৰত ।

উল্লেখযোগ্য যে, টি এম পি কেৰ উদ্যোগত গছ বচাওক, নদী বচাওক, জাতি বচাওক আদিৰ শ্ল’গানেৰে ধৰিত্ৰী দিৱস পালন কৰা হয় ৷ বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি এই বৃহৎ পৰিসংখ্যাৰ মাটিত আজি শুভাৰম্ভ কৰে গছ পুলি ৰোৱাৰ এক শুভ পৰম্পৰা । ইফালে এই কাৰ্যসূচীত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েং আৰু বৃক্ষ মানৱ বকুল গগৈয়ে গছ পুলি ৰোৱাৰ শুভাৰম্ভ কৰি সাম্প্ৰতিক সময়ত গছ ৰোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কত গঠনমূলক বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে কয় যে, পৃথিৱীৰ 800 কোটি মানুহে নিজে জীয়াই থাকিবলৈ এজোপা গছ ৰুবই লাগিব ৷ পৃথিৱীৰ ভাৰসাম্য সঠিক মতে চলি থাকিবলৈ হ’লে গোটেই বিশ্বই সাত দিন লকডাউন দিব লাগিব (Jadav Payeng celebrates Earth day) ৷

আনহাতে, নৱ প্ৰজন্মকো গছ ৰোৱাৰ প্ৰতি আহ্বান জনাই নিজৰ জন্মদিনত কেক কটাৰ সলনি নিজৰ লগতে লগৰীয়াসকলকো একোটাকৈ গছ পুলি ৰোৱাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । জাতীয় দল সংগঠন সকলোকে গছপুলি ৰুবলৈ পৰামৰ্শ আগবঢ়াই অৰণ্য মানৱ গৰাকীয়ে ৷ বহ্মপুত্ৰৰ বুকুত থকা চৰ চাপৰি কেইটা সেউজ কৰা বাবে আহ্বান তেখেতৰ ৷

অন্যহাতে বৃক্ষ মানৱ বকুল গগৈয়েও উক্ত অনুষ্ঠানত উপস্থিত থাকি নিজকে ধন্য মানে ৷ ৰাইজক উদ্দেশ্য কৰি প্ৰতিজন লোককে গছ ৰোৱাৰ ক্ষেত্ৰত, জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সদায় সহযোগিতা আগবঢ়াবলৈ আৰু প্লাষ্টিক মুক্ত পৰিবেশ সৃষ্টি কৰিবলৈ আহ্বান জনায় বকুল গগৈয়ে ।

ইফালে আগন্তক দিনত টি এম পি কেই শদিয়াৰ পৰা শোণিতপুৰলৈকে লুইতৰ দুয়োপাৰে বৃক্ষ ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব টি এম পি কে আগন্তক অধিৱেশনত৷ বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে মিচিং জনগোষ্ঠীৰ একমাত্ৰ প্ৰগতিশীল ছাত্ৰ সংগঠন TMPK ৰ উদ্যোগত বগীবিল দলঙৰ সমীপতে কাৰেং চাপৰিত ১০ হাজাৰ লোকে একলাখৰো অধিক বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছ, বাঁহ আৰু বনৌষধিযুক্ত গছপুলি ৰোপণ কৰে (earth day 2023) ৷ MMK, TMMK ৰ যৌথ সহযোগত এই কাৰ্য হাতত লোৱা হয় ৷

দিৱসটিৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আঞ্চলিক, জিলা আৰু কেন্দ্ৰীয় সমিতিৰ দহ সহস্ৰাধিক নেতা কৰ্মীয়ে ১ লাখৰো অধিক মূল্যৱান গছপুলি ৰোপণ কৰে ৷ কাৰ্যসূচীত পদ্মশ্ৰী বঁটা প্ৰাপ্ত অৰণ্য মানৱ যাদৱ পায়েঙৰ লগতে স্থানীয় সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভুৱন পেগু , মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মিচিং আগম কেবাঙৰ সভাপতি গোবিন টাইদ, মিচিং দৃৰবৃ কেবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে উপস্থিত থাকি ধৰিত্ৰী দিৱসৰ ওপৰত সাৰুৱা মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : Earth day 2023: বিশ্ব পৃথিৱী দিৱস: ধুনীয়া এখন ধৰিত্ৰী সৃষ্টিৰ বাবে সকলোৱে বিনিয়োগ কৰো আহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.