ETV Bharat / state

মূৰ্কংচেলেকত ক'ভিড টেষ্ট নকৰাকৈ পলায়ন ৰে'ল যাত্ৰীৰ - বিমান বন্দৰ

ৰাজ্যৰ ৰে'ল ষ্টেচন, বিমান বন্দৰ সমূহত বাধ্যতা মূলক কৰা হৈছে ক'ৰণা পৰীক্ষা ৷ জোনাই মহকুমা প্ৰশাসনেও বহিঃ ৰাজ্যৰ পৰা যাত্ৰী সকলৰ বাবে ক'ৰণা পৰীক্ষা বাধ্যতামূলক কৰাৰ পাচতো সচেতন নহয় একাংশ যাত্ৰী ৷ ৰে'ল ষ্টেচন আৰু বিমান বন্দৰ সমূহত যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে যদিও একাংশ যাত্ৰীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে পলোৱাৰহে চেষ্টা কৰিছে ৷

জোনাইত ক'ভিড টেষ্ট নকৰাকৈ পলায়ন ৰে'ল যাত্ৰীৰ

author img

By

Published : Apr 11, 2021, 6:35 AM IST

Updated : Apr 11, 2021, 9:34 AM IST

জোনাই,11এপ্ৰিল : পুনৰ ৰাজ্যত বৃদ্ধি পাইছে ক'ৰণাক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ মহামাৰী এই ভাইৰাছ বিধৰ বিৰুদ্ধে পুনৰ যুঁজ দিয়াৰ বাবে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ লোক সকলক সজাগ কৰি তোলাৰ বাবে ৰাজ্যৰ ৰে'ল ষ্টেচন, বিমান বন্দৰ সমূহত বাধ্যতা মূলক কৰা হৈছে ক'ৰণা পৰীক্ষা ৷ অন্য প্ৰান্তৰ লগতে জোনাই মহকুমা প্ৰশাসনেও বহিঃ ৰাজ্যৰ পৰা যাত্ৰী সকলৰ বাবে বাধ্যতামূলক কৰিছে ক'ৰণা পৰীক্ষা ৷ মূৰ্কংচেলেক ৰে'ল ষ্টেচনত যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ কিন্তু একাংশ যাত্ৰীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে পলোৱাৰহে চেষ্টা কৰিছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ৷

মূৰ্কংচেলেকত ক'ভিড টেষ্ট নকৰাকৈ পলায়ন ৰে'ল যাত্ৰীৰ

ইফালে, শনিবাৰে গুৱাহাটীৰ পৰা উজনিমুৱা লাচিত এক্সপ্ৰেছখন মূৰ্কংচেলেক ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পাচতে স্বাস্থ্য বিভাগে পৰীক্ষাৰ ব্যৱস্থা কৰে যদিও একাংশ যাত্ৰীয়ে ষ্টেচনৰ পাছফালেৰে পলায়ন কৰে ৷ যাৰ ফলত শংকিত হৈ পৰিছে স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন ৷ যি সময়ত ৰাজ্য তথা জিলা প্ৰশাসনে ৰাজ্যবাসীৰ বাবে সজাগ আৰু সচেতনতাৰ আহ্বান জনাইছে তেনে সময়তে যাত্ৰী সকলৰ এনে কাণ্ডই সকলোকে চিন্তিত কৰি তুলিছে ৷

লগতে পঢ়ক: হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত কম্পমান মহাজোঁটঃ অগপৰ আজিজে আজমলক লগ কৰিলে কিয় ?

Last Updated : Apr 11, 2021, 9:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.