ETV Bharat / state

Book inauguration at Jonai press club: চিয়াং প্ৰান্তৰ সেউজ সুষমা শীৰ্ষক পৰিৱেশ সম্পৰ্কীয় গ্ৰন্থ উন্মোচন - জোনাই প্ৰেছ ক্লাৱ

প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালাৰ 'চিয়াং প্ৰান্তৰ সেউজ সুষমা' গ্ৰন্থখন মংগলবাৰে উন্মোচন কৰা হয় ৷ বিশিষ্ট পৰিৱেশবিদ আৰু নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই উন্মোচন কৰে গ্ৰন্থখন ৷

Book inaugruation at Jonai press club
চিয়াং প্ৰান্তৰ সেউজ সুষমা উন্মোচন জোনাই প্ৰেছ ক্লাৱত
author img

By

Published : Dec 28, 2022, 11:41 AM IST

চিয়াং প্ৰান্তৰ সেউজ সুষমা উন্মোচন জোনাই প্ৰেছ ক্লাৱত

জোনাই ২৮ ডিচেম্বৰ: জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত জোনাইত উন্মোচন কৰা হয় এখনি গ্ৰন্থ(Jonai press club) ৷ বিশিষ্ট কবি-লেখক, প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালাৰ 'চিয়াং প্ৰান্তৰ সেউজ সুষমা' নামৰ নৱতম গ্ৰন্থখন মংগলবাৰে জোনাইৰ ঙাচাৰচুক' উকোমত উন্মোচন কৰা হয় । জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে সভাপতিত্বত আয়োজিত উন্মোচনী সভাখন আঁত ধৰে গৌতম পেগুৱে (Book inauguration at Jonai press club)৷

সভাখনত বিশিষ্ট কবি-লেখক, প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালাৰ 'চিয়াং প্ৰান্তৰ সেউজ সুষমা' নামৰ গ্ৰন্থখন বিশিষ্ট পৰিৱেশবিদ আৰু নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই উন্মোচন কৰে (Saumyadeep Dutta) । গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট পৰিৱেশবিদ সৌম্যদ্বীপ দত্তই কবি-লেখক, প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালাৰ 'চিয়াং প্ৰান্তৰ সেউজ সুষমা' শীৰ্ষক গ্ৰন্থখন অসমৰ পৰিৱেশ সাহিত্যলৈ অনবদ্য অৱদান বুলি উল্লেখ কৰাৰ লগতে গ্ৰন্থখনে অসমৰ পৰিৱেশ সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত গ্ৰন্থখনে বিশেষ ভুমিকা গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়ায় ।

তদুপৰি বিশিষ্ট পৰিৱেশবিদ সৌম্যদ্বীপ দত্তই ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ উন্নীত কৰিলেহে দীৰ্ঘকাললৈ সুৰক্ষিত হৈ থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় (Poba reserve forest) । সভাত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলে, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ সুখলতা ফুকন গগৈ, জয়কুমাৰ দলে, জোনাই মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ দাস, বিশিষ্ট লেখক-সাহিত্যিক তথা শিল্পী ইন্দ্ৰেশ্বৰ পেগু, শিক্ষক বিজয় পেগু, প্ৰদীপ গগৈ, অঞ্জনা পেগু, বীৰেন আগৰৱালা, এভাৰেষ্ট শৃংখল বিজয়ী পৰ্বত আৰোহী নৱ কুমাৰ ফুকন, আৰ ভি চিৰ সঞ্চালক লোহিত গোস্বামী উপস্থিত থাকে ৷

তদুপৰি, নেচাৰ্চ বেকনৰ ধেমাজি আঞ্চলিকৰ সমন্বয়ক যুগল সন্দিকৈ, ছেভ পবা ৰেইন ফৰেষ্টৰ (Save Poba rain forest) প্ৰকৃতিকৰ্মী বিজয় বৰি, খগীৰাম পেগু, উপেন পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, পদ্ম পাংগিং, যতীন ৰেগন, জোনাই প্ৰেছ ক্লাৱৰ সম্পাদক মনোজ কুমাৰ প্ৰজাপতি, সাংবাদিক ভাস্কৰজ্যোতি টায়েং আদিয়ে গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকি বৰ্ষাৰণ্য পবাক কেন্দ্ৰ কৰি চিয়াং অববাহিকাৰ পৰিৱেশ আন্দোলনৰ ওপৰত প্ৰণয়ন কৰা বিশিষ্ট কবি-লেখক, প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালাৰ 'চিয়াং প্ৰান্তৰ সেউজ সুষমা' পৰিৱেশ সাহিত্যৰ অমূল্য সংযোজন বুলি মন্তব্য কৰে ।

সভাত উপস্থিত আটাইলৈ কৃতজ্ঞতা জনায় জোনাই প্ৰেছ ক্লাৱৰ উপ-সভাপতি প্ৰফুল্ল কামানে । নক্সা প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত 202 পৃষ্ঠাৰ আটকধুনীয়া পকা বন্ধাৰ গ্ৰন্থ 'চিয়াং প্ৰান্তৰ সেউজ সুষমা'ৰ মূল্য 250 টকা।

লগতে পঢ়ক : Gunfight breaks out at Jammu : জম্মুত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.