ETV Bharat / state

TMPK Golden Jubilee Celebration: টি এম পি কেৰ সোণালী জয়ন্তী উৎসৱ আৰু যুৱ মহোৎসৱৰ সামৰণি - অষ্টম মিছিং যুৱ মহোৎসৱ

ধেমাজিৰ জিলাৰ গোগামুখত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ (TMPK Golden Jubilee Celebration) আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ (8th Mising Youth Festival ) সফলভাৱে সামৰণি পৰে ৷

TMPK Golden Jubilee Celebration and Youth Festival conclude in Dhemaji
সোণালী জয়ন্তী উৎসৱ আৰু যুৱ মহোৎসৱ সামৰণি
author img

By

Published : Feb 6, 2023, 10:57 AM IST

সোণালী জয়ন্তী উৎসৱ আৰু যুৱ মহোৎসৱ সামৰণি

জোনাই, 6 ফ্ৰেব্ৰুৱাৰী: গোগামুখত ম্লান পৰিল উৎসৱমুখৰ পৰিৱেশ ৷ যোৱা 2 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈকে ধেমাজিৰ জিলাৰ নাহৰবাৰী চুমনি পথাৰত অনুষ্ঠিত কৰা টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ (TMPK Golden Jubilee Celebration) আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ (8th Mising Youth Festival ) সামৰণি পৰে ৷ অন্তিম দিনটোত লক্ষাধিক জনতাৰে লোকাৰণ্য হৈ পৰে অষ্টম মিচিং যুৱ মহোৎসৱৰ থলী ৷ গোগামুখ নাহৰণিৰ প্ৰায় ২০০ বিঘা ভূমি সামৰি লৈ অনুষ্ঠিত কৰা এই বিশাল ক্ষেত্ৰখনত মিচিং জনগোষ্ঠীৰ লোকনৃত্যৰ তালে তালে মুখৰিত হৈ পৰে ৷

এই মহোৎসৱত শদিয়াৰ পৰা ভৰলীলৈকে প্ৰায় বিশ হাজাৰ প্ৰতিনিধিৰ উপস্থিত থাকে ৷ টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষৰ আৰু যুৱ মহোৎসৱ সামৰণি অনুষ্ঠানত প্ৰখ্যাত লাডাখৰ বিজ্ঞানী সোনম ৱাংচুক (Sonam Wangchuk in Assam) উপস্থিত থাকে ৷ ৱাংচুকক মিচিং লোকসকলৰ জনগোষ্ঠীয় বস্ত্ৰৰে সন্মান জনোৱা হয় ৷ মিচিংসকলৰ কৃষ্টি সংস্কৃতি দেখি অভিভুত হৈ ৱাংচুকে কয় যে, লাডাখৰ লগতে উত্তৰ-পূৱৰ জনজাতি সকলে নিজস্বতাৰ মাজেৰে জীয়াই আছে ৷ আমাৰ প্ৰচেষ্টাত শিক্ষা ব্যৱস্থাত এক পৰিবৰ্তন হ’ব পাৰে ৷

বিশ্বমুখী পশ্চিমীয়া সভ্যতাৰ বিপৰীতে ভাৰতবৰ্ষই নিজস্ব চিন্তা-চেতনাৰে আগুৱাই গ’লে এদিন ভাৰতবৰ্ষ বিশ্ব গুৰু হ’বই ৷ শিক্ষা কেৱল মগজু নহয়, অথবা শিক্ষা মানে চাকৰি নহয় ৷ প্ৰাকৃতিক বা হাতৰ বিদ্যাহে প্ৰকৃত শিক্ষা ৷ শিক্ষা আহৰণ কেৱল বৃত্তিমুখী নহৈ প্ৰকৃতি আৰু মানৱতাৰ দিশটো প্ৰতি অধিক গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন ৷ প্ৰকৃতি সংৰক্ষণ শিক্ষা লাভ নকৰিলে মানৱ সভ্যতাৰ ধ্বংসৰ পথত । এই ক্ষেত্ৰত শিক্ষা আৰু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত পাহাৰীয়া জনজাতিৰ লোকসকলৰ পৰা যথেষ্ট শিকিব লগীয়া আছে ৷ আমি তেনে শিক্ষা নীতি সমৰ্থন কৰো, য'ত বিজ্ঞানৰ লগতে কাৰিকৰী শিক্ষাৰো সমল পোৱা যায় ৷ দুৰ্যোগ আৰু জৰুৰীকালীন পৰিস্থিতি মোকাবিলা কৰিব পৰা শিক্ষাও সম্প্ৰতি অতিকৈ দৰকাৰ ৷

এই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education Minister Ranoj Pegu) ৷ মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, ‘‘জাতিটোলৈ টি এম পি কেৰ অৱদানক ধন্যবাদ জনাইছো ৷ লগতে মিচিং যুৱ মহোৎসৱে জাতিটোৰ কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰাৰ সমান্তৰালভাৱে বিশ্ব দৰবাৰলৈ আগুৱাই নিবলৈ সক্ষম হ’ব’’ ৷

ইয়োৰোপৰি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচীত উপস্থিত থাকি কয়, ‘‘ৰাজ্যৰ ভূমিপুত্ৰ মিচিংসকলৰ ছাত্ৰসকলৰ সৰ্বাংগীণ বিকাশ, ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সমৃদ্ধিত বিশেষ অৱদান আগবঢ়োৱা এই অনুষ্ঠানটোৰ কাৰ্যসূচীত অংশ লৈ গৌৰৱবোধ কৰিছোঁ ৷ লগতে এখন সুস্থ-সবল অসম নিৰ্মাণৰ বাবে টাকাম মিচিং পৰিণ কৌবাঙৰ যাত্ৰা সফল হোৱাৰ শুভকামনা জনাইছোঁ’’ ৷

ইয়াৰ পিচতে মুকলি সভাত নিদিষ্ট বক্তাৰ ভাষণ আগবঢ়াই জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে, মিচিং সকল ৰোমান্টিক ৷ যাৰ বাবে অধিক সৃষ্টিশীল মিচিং সকল ৷ তেনেদৰে মিচিং সকল ৰাজনৈতিকভাৱে পৰিপক্ক ৷ সংঘাত এৰাই চলে মিচিং সকলে ৷

টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাঙে পৌৰোহিত্য কৰা সভাখনি শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ ছায়েংগীয়াই ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জোনাইৰ বিধায়ক ভূৱন পেগু ঢকুৱাখনা বিধায়ক নৱ কুমাৰ দলে, মাজুলী বিধায়ক ভূৱন গাম, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী, মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইড, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সভাপতি সুনীল কুমাৰ পেগু, টাকাম মিচিং মিমে কেবাঙৰ সভানেত্ৰী গীতাঞ্জলি বড়ি, সদৌ অসম ট্ৰাইবেল যুৱ লীগৰ সভাপতি ধীৰেণ ইংতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই ৷

তাৰোপৰি অতিথিৰ আসন শুৱনি কৰে গাল' ৱেল ফেয়াৰ ছছাইটিৰ সভাপতি মাৰ্নিয়া য়াটে, আপতানি এপেক্স কাউন্সিলৰ সম্পাদিকা টানি চুপুন দুকুন, টি ডব্লিউ এছৰ সভাপতি টাম্বো টামিন, সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম থনগাম, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি বিছু কুমাৰ দেব্ৰমা, খাচী ছাত্ৰ সন্থাৰ সম্পাদক ডনাল্ড ভি থাবা, ছিকিম ছাত্ৰ ৱেলফেয়াৰ ফৰামৰ সভাপতি নাবাম ডদোম, আপতানি য়ুথ এছচিয়েশ্যনৰ সভাপতি তাপি মালী, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সম্পাদক মাইৰিং জহাৰি, সদৌ মদাহী ছাত্ৰ সন্থাৰ সভাপতি সুৰেণ মদাহী, সদৌ হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং আদিয়ে ৷

উল্লেখ্য যে, অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ একমাত্র ছাত্র সংগঠন ১৯৭১ চনত জন্ম লাভ কৰিছিল সদৌ মিচিং ছাত্র সন্থা টাকাম মিচিং পৰিণ কৌবাং চমুকৈ টি এম পি কেৰ জন্ম হৈছিল ৷ দেশে স্বাধীনতা লাভৰ পূৰ্বে ১৯২৪ চনত মিচিং বানৌ কৌবাং কৌবাং নামেৰে ই জন্মলাভ কৰিছিল ৷ তাৰ পাছত ১৯৩৩ চনতেই ‘অসম মিৰি ছাত্ৰ সন্মিলন’ নামৰ এক মিচিং ছাত্ৰ সংগঠনে জন্মলাভ কৰিছিল ৷ পৰৱর্তী সময়ত ইয়াক পাছলৈ উত্তৰপৰীয়া মিচিং ছাত্ৰ সন্থা নামেৰে নামকৰণ কৰা হয় ৷

লগতে পঢ়ক: GNRC Foundation Day: জিএনআৰচি ছয়মাইল শাখাৰ ১৬ সংখ্যক প্রতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.