ETV Bharat / state

TMPK Golden Jubilee 2023: টিএমপিকেৰ সোণালী জয়ন্তীত অংশ ল’ব বিশিষ্ট বিজ্ঞানী চনম ৱাংচুকে - TMPK Golden Jubilee

গোগামুখত অনুষ্ঠিত হৈ আছে টাকাম মিচিং প’ৰিন কেবাং চমুকৈ টি এম পি কেৰ সোণালী জয়ন্তীৰ লগতে মিচিং যুৱ মহোৎসৱ (TMPK golden jubilee 2023) ৷ মহোৎসৱত আজি উপস্থিত থাকিব লাডাখৰ বিশিষ্ট বিজ্ঞানী চনম ৱাংচুক (Scientist Sonam Wangchuk in Assam) ৷

TMPK golden jubilee 2023
টি এম পি কেৰ সোণালী জয়ন্তী ও মিচিং যুৱ মহোৎসৱ
author img

By

Published : Feb 5, 2023, 9:30 AM IST

Updated : Feb 5, 2023, 12:43 PM IST

টিএমপিকেৰ সোণালী জয়ন্তী

জোনাই, 5 ফেব্ৰুৱাৰী : মিচিং জনজাতি সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন টি এম পি কেয়ে আয়োজন কৰিছে সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ (TMPK golden jubilee 2023) ৷ ধেমাজি জিলাৰ গোগামুখৰ নাহৰবাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ সংগঠনটোৱে আয়োজন কৰিছে এই মহোৎসৱৰ ৷ লোক-সংস্কৃতিৰ সৈতে জড়িত থকা বিভিন্ন আৰ্হি প্ৰদৰ্শন কৰা হয় মহোৎসৱস্থলীত ৷ বাঁহ-বেতেৰে নিৰ্মিত মিচিং মৃৰং ঘৰ, আদী চাংঘৰ, গাল’ চাংঘৰ, মিচিং চাংঘৰ আদিৰ লগতে আকৰ্ষণীয় শৈলীৰে সজায় তোলা হৈছে মূল আদৰণি তোৰণ, পতাকা উত্তোলনস্থলী ৷ ইয়াৰোপৰি, সময়ৰ সৈতে ৰজিতা খুৱায় আয়োজক মণ্ডলীয়ে নিৰ্মাণ কৰি তুলিছে এক চেলফি জ’ন ৷ যিটো স্থান হাজাৰ হাজাৰ লোকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা পৰিলক্ষিত হৈছে (TMPK Golden Jubilee in Dhemaji) ৷

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজক মণ্ডলীয়ে গ্ৰন্থমেলা, বস্ত্ৰমেলা, খাদ্যমেলা, কৃষিমেলা আদিৰো আয়োজন কৰিছে ৷ প্ৰথম দুটা দিনত বিপণিসমূহত বিশেষ জনসমাগম প্ৰত্যক্ষ কৰিবলৈ পোৱা হোৱা নাছিল যদিও তৃতীয় দিনটোত অৰ্থাৎ শনিবাৰৰ দিনা বিপণিবোৰত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় ৷ যাৰ ফলত ব্যাপক যান-জঁটে দেখা দিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, গোগামুখ-ঢকুৱাখানা পথ, গোগামুখ-জেংৰাইমুখ পথৰ লগতে ইয়াৰ সংযোগী পথসমূহত ৷ টি এম পি কেৰ স্বেচ্ছাসেৱকসকলে যান-জঁট নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছিল যদিও অভূতপূৰ্বভাৱে জনসমাগম হোৱাৰ ফলত যান-জঁটৰ নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা নগ’ল (TMPK Golden Jubilee) ৷

মহোৎসৱ তথা সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি উদ্যোক্তাসকলে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে ৷ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে অষ্টম মিচিং যুৱ মহোৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰো আয়োজন কৰে উদ্যোক্তাসকলে ৷ যিয়ে নষ্টালজিক কৰি তোলা দেখিবলৈ পোৱা গ’ল প্ৰতিগৰাকী লোককে (8th Mising Youth Festival) ৷

বাণিজ্য মেলা, সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে শনিবাৰৰ সন্ধিয়া ৫.৩০ বজাত অনুষ্ঠিত কৰা হয় এক আলোচনা চক্ৰৰ ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত হোৱা আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত (National Education Policy 2020) ৷ দেওবাৰৰ ৰাতিপুৱা অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব লাডাখৰ প্ৰখ্যাত বিজ্ঞানী চনম ৱাংচুকে ( Indian Engineer Sonam Wangchuk in Dhemaji) ৷

লগতে আজিৰ মুকলি সভাত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু (Minister Kiren Rijiju), অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ মন্ত্ৰী বৰ্গ, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ ছাত্ৰ সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে ৷ আজি নিশা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷

উল্লেখ্য যে, শনিবাৰৰ নিশা সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱথলীত অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক নিশাৰ কাৰ্যসূচী উদ্বোধন কৰে মিচিং দৃৰবৃ কৗবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলেয়ে ৷ গীতেৰে মহোৎসৱথলী জীপাল কৰি তোলে মিচিং সমাজৰ যুৱ প্ৰজন্মৰ সৰ্বাধিক জনপ্ৰিয় শিল্পী ৰূপা মিলিৰ লগতে স্থানীয় গায়ক-গায়িকাসকলে ৷

লগতে পঢ়ক : Governor in Tinsukia: তিনিচুুকীয়াত কৃষি ক্ষেত্ৰৰ বিকাশত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনক ৰাজ্যপালৰ আহ্বান

Last Updated : Feb 5, 2023, 12:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.