ETV Bharat / state

ধেমাজিত আৱতৰীয়া বানঃ জীয়াঢলে বুৰাইছে বিস্তীৰ্ণ অঞ্চল - বন্যাৰ্ত

ধেমাজিত আৱতৰীয়া বানত হাহাকাৰ বন্যাৰ্ত ৷ জীয়াঢল নদীয়ে বুৰাই পেলাইছে জিলাখনৰ বিভিন্ন অঞ্চল ৷

Thousand people hit by Flood In assam dhemaji
জীয়াঢল নদীয়ে বুৰাই পেলাইছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Oct 6, 2020, 8:28 PM IST

Updated : Oct 6, 2020, 8:58 PM IST

ধেমাজি, 6 অক্টোবৰ : আহিনৰ আৱতৰীয়া বানত বন্যাৰ্তৰ মাজত হাহাকাৰ ৷ বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত জিলাখনত পুনৰ জলস্তৰ বৃদ্ধি পোৱা জীয়াঢল, গাই নদী, ৰাই নদী আৰু চিমেন নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি পুনৰ অঞ্চলটো বুৰাই পেলাইছে ৷

বিশেষকৈ জীয়াঢল নদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ ভজুগাঁও, হেচুলি, শলমাৰী, চেচাসহ, আমুলগুৰি, শিঙিমাৰী, বাটঘৰীয়া পথাৰ, কেঁকুৰি, দিহিৰি, দুলুঙকানকে ধৰি 20 খনৰো অধিক গাঁও জলমগ্ন হৈছে ৷ সেইদৰে ৰাই আৰু গাই নদীৰ কবলত পৰিছে ধেমাজি লক্ষীপথাৰ গাঁও পঞ্চায়তৰ অধীনৰ 1 নং বৰুৱা, 2 নং বৰুৱা, বৰুৱা লালুং, পশ্চিম সুবাহী, দক্ষিণ সুবাহীৰ বৃহত্তৰ অঞ্চল ৷

Thousand people hit by Flood In assam dhemaji
জীয়াঢল নদীয়ে বুৰাই পেলাইছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

ইপিনে, জীয়াঢলৰ বাঢ়নী পানীৰে বুৰাই পেলাইছে জীয়াঢল চাৰিআলিৰ এটা গড়কাপ্তানি পথ আৰু 15 নং ৰাষ্টীয় ঘাইপথ পানীয়ে স্পশ কৰিছে ৷ স্থানীয় জীয়াঢলৰ বন্যাৰ্তই অভিযোগ কৰা মতে, চৰকাৰ সংশ্লিষ্ট বিভাগে জিলাখনৰ বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে আজিকোপতি সদিচ্ছা প্ৰকাশ কৰা নাই ৷

আনহাতে, জীয়াঢলৰ বুকুত ঘৰ-বাৰী হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা কেঁকুৰি মাজগাঁৱৰ 28 টা পৰিয়ালে অনাহাৰে দুবিসহ জীৱন কটাইছে যদিওঁ প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ তুলিছে ৷ সেয়ে ধেমাজি জিলা প্ৰশাসনক বানাক্ৰান্তক পৰ্যাপ্ত পৰিমানে সহায় কৰিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন নাগৰিক হৰিশ পেগুৱে ৷

লগতে পঢ়ক : কাজলগাঁৱত গণসুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

Last Updated : Oct 6, 2020, 8:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.