ETV Bharat / state

Missing teenager in Poba Forest Rescued: ম'হ বিচাৰিবলৈ গৈ জোনাইৰ পবা বনাঞ্চলত নিখোঁজ তিনি কিশোৰ উদ্ধাৰ - Rescue operation of three teenagers

আজি পুৱা প্রায় ৮.৩০ মান বজাত কিশোৰ তিনিগৰাকী পবা বনাঞ্চলৰ পৰা ওলাই আহিবলৈ সক্ষম হয় (teenager managed to get out from poba forests) । নিশাটো পবা বনাঞ্চলত কটাই পুৱা ওলাই অহা কিশোৰ তিনিগৰাকীয়ে জানিবলৈ দিয়া মতে, বনাঞ্চলত ম'হ বিচাৰি থাকোঁতে আন্ধাৰ হৈ যায় । ফলত তেওঁলোকে ৰাস্তা পাহৰি যায় আৰু উৰে নিশা গছৰ ওপৰত কটাবলগীয়া হয় বুলিও জানিবলৈ দিয়ে ।

jonai
jonai
author img

By

Published : Aug 2, 2022, 2:04 PM IST

জোনাই, ২ আগষ্ট : সোমবাৰে জোনাইৰ পবা বনাঞ্চলত নিজৰ পোহনীয়া ম'হ বিচাৰিবলৈ গৈ নিখোঁজ হৈছিল তিনি কিশোৰ (Three teenagers missing on Monday in Jonai Pawa forest) । জানিব পৰা মতে, সোমবাৰে আবেলি প্রায় ৪ বজাত জোনাইৰ বাহিৰ চিলে গাঁৱৰ সঞ্জয় নৰহ, উৎপল পেগু আৰু উত্তম পাৱ নামৰ তিনিগৰাকী কিশোৰে নিজৰ পোহনীয়া ম'হ বিচাৰিবলৈ গৈ পবা বনাঞ্চলত প্ৰৱেশ কৰিছিল (entered Poba forest to find pet buffalo) ।

কিন্তু পবা বনাঞ্চলত ম'হ বিচাৰি প্ৰৱেশ কৰা তিনি কিশোৰে সন্ধিয়ালৈকে তাৰ পৰা ওলাই নহাত পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ । তাৰ পিছতে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে পবা বনাঞ্চলত কিশোৰ তিনিগৰাকীক কিছু সময় বিচাৰিছিল যদিও এন্ধাৰ হোৱাত তেওঁলোকে উপায়হীন হয় ।

ম'হ বিচাৰিবলৈ গৈ জোনাইৰ পবা বনাঞ্চলত নিখোঁজ তিনি কিশোৰ উদ্ধাৰ

ফলত বিফল হৈ ঘূৰি আহি ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে (informed Jonai police and SDRF forces) । এছ ডি আৰ এফ বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত নিশা পবা বনাঞ্চলত ট্ৰেক্টৰেৰে প্ৰৱেশ কৰি চাইৰেন বজাই মাইকেৰে ঘোষণা কৰি কিশোৰ তিনিগৰাকীৰ উদ্ধাৰ অভিযান চলায় (Rescue operation of three teenagers) যদিও মাজনিশালৈকে কোনো শুংসুত্র উলিয়াব নোৱাৰিলে নিৰুদ্দিষ্ট তিনি কিশোৰৰ ।

অৱশ্যে আজি পুৱা প্রায় ৮.৩০ মান বজাত কিশোৰ তিনিগৰাকী পবা বনাঞ্চলৰ পৰা ওলাই আহিবলৈ সক্ষম হয় (teenager managed to get out from poba forests) । নিশাটো পবা বনাঞ্চলত কটাই পুৱা ওলাই অহা কিশোৰ তিনিগৰাকীয়ে জানিবলৈ দিয়া মতে, বনাঞ্চলত ম'হ বিচাৰি থাকোঁতে আন্ধাৰ হৈ যায় । ফলত তেওঁলোকে ৰাস্তা পাহৰি যায় আৰু উৰে নিশা গছৰ ওপৰত কটাবলগীয়া হয় বুলিও জানিবলৈ দিয়ে । ইফালে কিশোৰ তিনিগৰাকী সুস্থ শৰীৰে ঘূৰি অহাত স্বস্তিৰ নিশ্বাস পেলাইছে পৰিয়ালৰ লোকে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.