ETV Bharat / state

Dilapidated condition of school: শিক্ষামন্ত্ৰীৰ গৃহ জিলাত ৰান্ধনীশালতেই চলিছে বিদ্যালয়ৰ পাঠদান - Assam Education minister

ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ কেৰকণি আদৰ্শ হাইস্কুলৰ এটা শ্ৰেণী কোঠায়ে উন্মোচিত কৰিছে চৰকাৰী বিদ্যালয়ৰ পঁয়ালগা স্বৰূপ (Poor condition of govt school) ৷ বিদ্যালয়খনৰ দুৰাৱস্থাই একপ্ৰকাৰ শিক্ষা বিভাগৰ ফোঁপলা স্বৰূপটো উদঙাই দিছে । ৰাইজে কৰা অভিযোগ মতে, চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও ধেমাজিত আজিও বহুতো বিদ্য়ালয়ে লাভ কৰা নাই ইয়াৰ সুযোগ ।

Dilapidated condition of school
ৰান্ধনীশালত চলিছে পাঠদান
author img

By

Published : Dec 20, 2022, 11:33 AM IST

Updated : Dec 20, 2022, 12:06 PM IST

কেৰকণি আদৰ্শ হাইস্কুল

ধেমাজি, 20 ডিচেম্বৰ: ৰাজ্যত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়জয়কাৰৰ বিপৰীতে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শোচনীয় অৱস্থা এতিয়া আৰু নতুন কথা হৈ থকা নাই (Pathetic condition of Assam govt education sector)৷ বিজেপি শাসিত চৰকাৰখনে ৰাজ্যৰ প্ৰতিটো খণ্ডৰ উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ বিপৰীতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিতে উন্মোচিত হৈছে শিক্ষাখণ্ডৰ উন্নয়নৰ এক পুতৌ লগা ছবি (Education minister Dr Ranoj Pegu)৷

গুণোৎসৱকে (Assam Gunotsav) ধৰি চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি যুগুত কৰি অহা চৰকাৰখনৰ দিনতে গোহালি সদৃশ পৰিবেশত শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । শিক্ষামন্ত্ৰীৰ গৃহ জিলাতেই জৰাজীৰ্ণ বাঁহ, খাগৰি আৰু ইকৰাৰ বেৰেৰে পৰিবেষ্টিত ৰান্ধনীশালতহে পাঠদান কৰিছে ছাত্ৰ-ছাত্ৰীক (dilapidated school in Dhemaji) ৷ এই বিদ্য়ালয়খনত নাই দুৱাৰ-খিৰিকীৰ ব্য়ৱস্থা । বাৰিষা বতাহ-বৰষুণৰ মাজতেই শিক্ষাগ্ৰহণ কৰিবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকলে ৷ টিনৰ ফুটাৰে শ্ৰেণী কোঠাত পৰে বৰষুণৰ পানী ৷

ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ কেৰকণি আদৰ্শ হাইস্কুলৰ এটা শ্ৰেণী কোঠায়ে উন্মোচিত কৰিছে চৰকাৰী বিদ্যালয়ৰ পয়ালগা স্বৰূপ ৷ নামত আদৰ্শ হ'লেও কামে-কাজে পৰিদৃশ্যমান হৈছে দুৰ্দশা । ছাত্ৰ-ছাত্ৰীসকলে কৰা অভিযোগ মতে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰেণী কোঠাটোত শিক্ষকসকলে কস্পিউটাৰৰ বাবে জৰাজীৰ্ণ ৰান্ধনীশালতে পাঠদানৰ ব্যৱস্থা কৰিলে শিক্ষকসকলে ৷ ইপিনে, শ্ৰেণীকোঠাৰ অসুবিধাৰ বিষয়ে শিক্ষকসকলক অৱগত কৰি আহিছে যদিও এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই শিক্ষাগুৰুসকলে ৷

শিক্ষামন্ত্ৰীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ বাবে ঢাক-ঢোল বজাই থকাৰ সময়ত গ্ৰামাঞ্চলৰ চুকে কোণে থকা চৰকাৰী এনেবোৰ বিদ্যালয়লৈ সংস্কাৰ আহিব নে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । ইপিনে, ৰাইজে কৰা অভিযোগ মতে,চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও ধেমাজিত আজিও বহুতো বিদ্য়ালয়ে লাভ কৰা নাই ইয়াৰ সুযোগ । বহু ক্ষেত্ৰত পূৰ্বতকৈ চৰকাৰী বিদ্যালয়ৰ অৱস্থা উন্নত হৈছে বুলিও ইতিমধ্যে শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰি আহিছে । পিছে চৰকাৰী বিদ্যালয়লৈ ভাল দিন ঘূৰি আহিছে নে ?

জিলাখনত বহু বিদ্যালয়ত নাই উপযুক্ত শ্ৰেণীকোঠা, নাই খোৱাপানীৰ ব্যৱস্থা, প্ৰস্ৰাৱগাৰ-শৌচালয়ৰ ব্যৱস্থা । ডিজিটেল বিদ্যালয়ৰ সপোন দেখা অসমৰ বহু ঠাইত আজিও ছাত্ৰ-ছাত্ৰীয়ে মাটিত বস্তা পাৰিয়ে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে । অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান জনাই তেওঁক অসমৰ আধুনিক শিক্ষা ব্যৱস্থা পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছিল । কিন্তু প্ৰত্যাহ্বান স্বীকাৰ কৰি অৰবিন্দ কেজৰিৱালে অসমৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিলেহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।

লগতে পঢ়ক: GP Singh In Dibrugarh: আলফা(স্বা:)ৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব অভিযান, ধন দাবীৰে জড়িতসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা: জি পি সিং

Last Updated : Dec 20, 2022, 12:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.