ETV Bharat / state

Teacher Farewell meeting: ধেমাজিত প্ৰধান শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্ধনা - Bina Hendique farewell meeting in Dhemaji

ধেমাজিত বীনা সন্দিকৈ নামৰ প্ৰধান শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে (Teacher Farewell meeting) ৷

teacher farewell meeting in Dhemaji
Teacher Farewell meeting: ধেমাজিত প্ৰধান শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্ধনা
author img

By

Published : Dec 1, 2022, 4:35 PM IST

ধেমাজি, 1 ডেচেম্বৰ: বৃহস্পতিবাৰে ধেমাজি ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ভৰালীচুকবাসীৰ সৌজন্যত ভৰালীচুক প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বীনা সন্দিকৈৰ বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয় (Bina Hendique farewell meeting) ৷ হৰেণ কলিতাই সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে ৷ বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি সোণাৰাম নাথে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক উদ্দেশ্যি নিজ অনুভৱ ব্যক্ত কৰে ৷

Teacher Farewell meeting: ধেমাজিত প্ৰধান শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্ধনা

ইয়াৰ পিছতে ভৰালীচুক গাৱঁৰ জ্যেষ্ঠ ব্যক্তি ৰমেশ বৰুৱা আৰু বিতেন কোচে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰি গঢ়ি তোলাৰ ওপৰত বক্তব্য ৰাখে ৷ সেইদৰে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ গঢ় দিয়াত প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ অপৰিসীম ভূমিকাৰ সম্পৰ্কত মন্তব্য কৰে গাঁৱৰ মহিলা ডালিমী ভূঞা,অপৰ্ণা চুতীয়া, বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী তৃষ্ণা চেতিয়া, ধেমাজি শিক্ষা বিভাগৰ খণ্ডৰ সমল ব্যক্তি কনক গগৈয়ে ৷ বিদ্যালয়ৰ শিক্ষক গোটে শৰাই, গামোচা ,সম্বৰ্দ্ধনা পত্ৰৰে ,বিদ্যালয় পৰিচালনা সমিতিয়ে এখন কীৰ্তন , সম্বৰ্দ্ধনা পত্ৰ , এটা স্মাৰক, মাতৃ গোটে এখন চেলেঙেৰে বিদায় সম্বৰ্দ্ধনা জনায় ৷

উল্লেখ্য যে বীনা সন্দিকৈযে য়োৰকটা নাহৰণি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভণি কৰি ১৯৯৮চনৰ পৰা ভৰালীচুক প্ৰাথমিক বিদ্যালয়ত যোগদান কৰি ২০১৫চনত জিলাভিত্তিক কৃতী শিক্ষয়িত্ৰী বঁটা আৰু ২০১৮ চনত ৰাজ্যিক ভিত্তিত কৃতী শিক্ষয়িত্ৰী বঁটা বুটলিবলৈ সক্ষম হৈছিল (Bina Hendique farewell meeting in Dhemaji) ৷ শিক্ষয়িত্ৰীগৰাকীক বিদায় দি শোকত মৰ্মাহত হৈ পৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ স্থানীয় লোকসকলেও ৷

লগতে পঢ়ক: Jorhat police encounter: AMCHত চিকিৎসাধীন গুলীবিদ্ধ ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.