ETV Bharat / state

জোনাইৰ এজন সফল খেতিয়কৰ উপাৰ্জনৰ কথাৰে... - ফুলেন বসুমতাৰী

কৃষি বিভাগে যোগান ধৰা নিম্নমানৰ বীজ, সাৰ, ঔষধ ব্যৱহাৰ কৰি সুফল পোৱা নাই জোনাইৰ এজন প্ৰগতিশীল খেতিয়কে ৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ পৰা বঞ্চিত খেতিয়ক ফুলেন বসুমতাৰীয়ে নিজ কৃষিভূমিতে বিভিন্ন খেতি কৰি উপাৰ্জনৰ বাট মোকলাবলৈ সক্ষম হৈছে ৷

jonai farmer
জোনাইৰ এজন সফল খেতিয়ক
author img

By

Published : Jan 21, 2021, 5:27 PM IST

Updated : Jan 21, 2021, 7:52 PM IST

জোনাই,21 জানুৱাৰী : কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু নিষ্ঠাৰে একমাত্ৰ কৰ্মসংস্কৃতিতে আত্মনিয়োগ কৰি নেমু, তামোল, শালি ধান, বৰো ধান আৰু পশু পালনেৰে এগৰাকী প্ৰগতিশীল আৰু সফল খেতিয়ক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে জোনাইৰ এজন লোকে ৷ বছৰি 7-8 লাখ টকা উপাৰ্জন কৰে জোনাই মহকুমাৰ ছিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ মাইনাওপুৰ গাঁৱৰ ফুলেন বসুমতাৰী নামৰ খেতিয়কজনে ৷

বছৰি 20 বিঘা মাটিত বিজ্ঞানসন্মত প্ৰযুক্তিৰে উন্নতজাতৰ শালি ধানৰ খেতি কৰি প্ৰতি বিঘাত 22 মোনকৈ ধান উৎপাদন কৰাৰ লগতে প্ৰায় 4 বিঘা মাটিত নতুন পদ্ধতিৰে বৰো ধানৰ খেতি কৰি প্ৰতি বিঘাত 20-22 মোনকৈ বৰো ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে প্ৰগতিশীল খেতিয়কজনে ৷ শালি আৰু বৰো ধান বিক্ৰী কৰি বছৰি ডেৰ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা আদৰ্শবান খেতিয়ক ফুলেন বসুমতাৰীৰ আছে 9 বিঘাকৈ মাটিত নেমু খেতি । প্ৰতি সপ্তাহতে 2000 নেমু বিক্ৰী কৰি বছৰি 1 লাখ 40 হাজাৰতকৈও অধিক টকা উপাৰ্জন কৰি কৰে খেতিয়কজনে ।

জোনাইৰ এজন সফল খেতিয়ক

আনহাতে, তেওঁ কেইবাবিঘা মাটিত থকা তামোল বিক্ৰী কৰি বছৰি লক্ষাধিক টকা উপাৰ্জন কৰে ৷ ফুলেন বসুমতাৰীয়ে বাঁহ বিক্ৰী কৰি বছৰি 15 হাজাৰৰো অধিক টকা আয় উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি, তেওঁ বিলাহী, মটৰমাহ, আলু, সৰিয়হ খেতিতো মনোনিৱেশ কৰি আহিছে । উৎপাদিত হোৱা ৰবি শস্যসমূহৰ পৰাও বুজন পৰিমাণৰ ধন লাভ কৰি অহা খেতিয়কজনে 12 বছৰৰ পূৰ্বৰ পৰাই এবিঘা ভূমিৰ পুখুৰীত মাছ পুহি বছৰি 20 পৰা 25 হাজাৰ টকা আৰু গাহৰি পালনৰ জৰিয়তে বছৰি 20 হাজাৰ টকা, নাৰিকল বিক্ৰী কৰি বছৰি 10 পৰা 12 হাজাৰ টকা উপাৰ্জন কৰে ।

শালি, বৰো ধানৰ লগতে আন ৰবি শস্যৰ খেতিৰ বাবে কৃষি বিভাগৰ পৰা সাৰ, বীজ আৰু ঔষধ কিছু পৰিমাণে লাভ কৰি আহিছে যদিও চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা সাৰ অতি নিম্নমানৰ বুলি উল্লেখ কৰে ফুলেন বসুমতাৰীয়ে ৷ তেওঁ কয় যে, কৃষি বিভাগে যোগান ধৰা বীজৰ সৰহভাগেই উন্নতজাতৰ নোহোৱাৰ লগতে চৰকাৰী ঔষধসমূহ খেতি পথাৰত ব্যৱহাৰ কৰিলে সামান্য গান্ধী পোকো নমৰে ৷ কৃষি বিভাগৰ বীজ, সাৰ, ঔষধ ব্যৱহাৰ কৰি সুফল পোৱা নাই বুলি মন্তব্য কৰি বৰ্তমানলৈকে 29 হাজাৰ টকা সুৰক্ষিত ধন জমা দি চৰকাৰৰ তৰফৰ পৰা সৌৰশক্তিচালিত ক্ষুদ্ৰ জলসিঞ্চন আঁচনি লাভ কৰিছে খেতিয়ক বসুমতাৰীয়ে ৷

উল্লেখ্য যে, তেওঁ এজন কঠোৰ পৰিশ্ৰমী আদৰ্শৱান খেতিয়ক হৈয়ো বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন লাভ নকৰাটো অতি পৰিতাপৰ বিষয় । বছৰি শস্য পথাৰত বাঁহৰ জেওৰা নিৰ্মাণ কৰোঁতে 30ৰ পৰা 40 হাজাৰ টকা ব্যয় কৰিব লগা হয় বুলি উল্লেখ কৰি চৰকাৰৰ ফালৰ পৰা কাটা তাঁৰ যোগান ধৰিলে বহু উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে খেতিয়ক ফুলেন বসুমতাৰীয়ে ৷

লগতে পঢ়ক : কৰিমগঞ্জৰ চৰকাৰী ভূমিত ভূ-মাফিয়াৰ চকু

Last Updated : Jan 21, 2021, 7:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.