ETV Bharat / state

বৰদৈচিলাৰ তাণ্ডৱ: ধেমাজিত বিস্তৰ ক্ষতি

author img

By

Published : Mar 25, 2022, 3:41 PM IST

ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ । উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ । কথমপি প্ৰাণ ৰক্ষা জনতাৰ । ধেমাজিতো বিস্তৰ ক্ষতি (Storm causes extensive damage in Dhemaji) ।

demaji strom devastation
ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

ধেমাজি,২৫ মাৰ্চ: বৃহস্পতিবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে সমগ্ৰ ৰাজ্যৰ লগতে জোকাৰি গ’ল ধেমাজিক ৷ ধুমুহাত বিস্তৰ ক্ষতি ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত (Storm causes extensive damage in Dhemaji) ৷ বিশেষকৈ ধেমাজিৰ মেলেকী, ভকত গাঁও, নিৰ্মালী- এই তিনিখন গাঁৱত ধুমুহাই তাণ্ডব চলাই বিস্তৰ ক্ষতিসাধন কৰে (Caused extensive damages to the house, crops and other properties) ৷

ধুমুহাজাক ইমানে প্ৰচণ্ড আছিল যে তিনিখন গাঁৱৰ ভালেকেইটা বাসগৃহৰ ওপৰত গছ উভালি পৰে ৷ উৰুৱাই লৈ যায় টিনপাত, বেৰ-চাল ৷ পথৰ ওপৰতো বাগৰি পৰে প্ৰকাণ্ড গছ । ঘৰ দুৱাৰ তচনচ কৰাৰ লগতে অঞ্চলটোৰ বহুকেইখন শিক্ষানুষ্ঠানো বিধস্ত কৰে ৷

বৃহস্পতিবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে সমগ্ৰ ৰাজ্যৰ লগতে জোকাৰি গ’ল ধেমাজিক

অৱশ্যে নিশা অহা এই কাল ধুমুহা জাকৰ পৰা দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে অঞ্চলবাসী ৷ কিন্তু ঘৰ দুৱাৰ সম্পূৰ্ণ বিধস্ত হোৱাৰ ফলত মূৰৰ ওপৰত সৰগ ভাগি পৰিছে সকলোৰে ৷ ইপিনে বহু পৰিয়ালৰ বাসগৃহ বিধবস্ত হোৱাৰ ফলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ কিতাপ পত্ৰ আচবাব সকলো নষ্ট হোৱাৰ উপক্ৰম হোৱাত হাহাঁকাৰ লাগিছে পৰীক্ষাথীৰ লগতে অভিভাৱকৰ মাজত ৷

লগতে পঢ়ক: হঠাৎ অহা ধুমুহাত বিস্তৰ ক্ষতি সাধন ৰঙিয়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.