ETV Bharat / state

State Students day: ধেমাজিৰ ভিন্ন প্ৰান্তত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 67 তম জন্মজয়ন্তী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন ঠাইত পালন কৰা হৈছে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 67 তম জন্ম জয়ন্তী (67th Birth Anniversary observed across Jonai) ৷

State Students day observed across Jonai
জোনাইৰ ভিন্ন প্ৰান্তত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 67 তম জন্মদিন পালন
author img

By

Published : Mar 31, 2023, 10:35 PM IST

জোনাইৰ ভিন্ন প্ৰান্তত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 67 তম জন্মদিন পালন

জোনাই, ৩১ মাৰ্চ: আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ 67 তম জন্ম জয়ন্তী (67th Birth Anniversary) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এবছুৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত মিংমাং নলবাৰীতো জন্ম দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰ তথা 31 মাৰ্চত ছাত্র দিৱস উদযাপন কৰা হয় (State Students day observed at Jonai) ৷ এই অনুষ্ঠানত পুৱা ৯ বজাত এবছুৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা এবছুৰ সভাপতি টেনজিং বড়োৱে।

ইয়াৰ পিচতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ (Bodofa Upendra Nath Brahma) প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে এবছুৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি বানেন্দ্ৰ বসুমতাৰীয়ে । পুৱা ১০ বজাত শান্তিৰ প্ৰতীক বগা পাৰ চৰাই উৰুৱাই ধেমাজি জিলা এবছুৰ উপদেষ্টা লখেন বসুমতাৰীয়ে।

দিনৰ ১১ বজাৰ পৰা ধেমাজি জিলা এবছুৰ সভাপতি টেনজিং বড়োৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাখন উদ্ধোধন কৰে মিংমাং নলবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক অমৰেন্দ নাৰ্জাৰীয়ে । এবছুৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক উদাং বি বডোছাই আঁতধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ সম্পাদক বডোছা ব্ৰহ্মই ৷

নিৰ্দিষ্ট বক্তা হিচাপে এবছুৰ প্ৰাক্তন অধ্যক্ষ ৰতন বসুমতাৰীয়ে ছাত্র নেতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মহান ত্যাগ, নিদৰ্শন আৰু কৰ্মৰাজিৰ ওপৰত সাৰুৱা ভাষণ আগবঢ়ায় ৷

আনহাতে নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত ছয়খন আঞ্চলিক সমিতিয়ে ২ নং লাডাংগুৰী বড়ো এম ই স্কুলত বিভিন্ন কাৰ্যসূচীৰে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মবাৰ্ষিকী উপলক্ষে ছাত্র দিৱস উদযাপন কৰে। ছাত্র দিৱসৰ পুৱা ৮ বজাত এবছুৰ পতাকা উত্তোলন কৰে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনৰাম মুছাহাৰীয়ে।

ইয়াৰ পাছতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ উপ সভাপতি সত্য বসুমতাৰীয়ে। দিনৰ ১১ বজাৰ পৰা মনৰাম মুছাহাৰীয়ে সভাপতি কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এবছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা শিৱৰাম বসুমতাৰীয়ে উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জীৱনী-আদৰ্শৰ ওপৰত বক্তব্য ৰাখে ৷

লগতে তেঁও কয় যে বডোফা ব্ৰহ্মই ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগৰ উচ্চ পৰ্যায়ৰ চাকৰিত যোগদান কৰিও লোভনীয় চাকৰি পদ এৰি বড়ো জাতিৰ স্ব-অধিকাৰৰ সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰে ।

শিৱৰাম বসুমতাৰীয়ে পুনৰ কয় যে, উপেন্দ্ৰ নাথ ব্ৰহ্মই ১৯৭৮-৭৯ চনত নিখিল বড়ো ছাত্র সন্থাৰ গোৱালপাৰা জিলাৰ সভাপতি পদত অধিষ্ঠিত হৈ ১৯৮৩-৮৪ চনত নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি পদ লাভ কৰে আৰু ১৯৮৮ চনত এবছুৰ সভাপতি পদ অলংকৃত কৰে।

এবছুৰ সভাপতি পদত থাকি উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো (Bodofa Upendra Nath Brahma Birth Anniversary) জাতিৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আদি দিশৰ উত্তৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সুকীয়া বড়োলেণ্ডৰ দাবীৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছিল ৷ তেখেতৰ কষ্ট, ত্যাগ আৰু আদৰ্শৰ বাবেই বড়োসকল আজিৰ পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে ।

ইফালে এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিয়ে সংগঠনটোৰ ভগৱানস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা ছাত্র দিৱসত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ দৈমাৰীয়ে।পুৱা ৯-৩০ বজাত উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে জয়ভদ্ৰ হাগজেৰ বড়ো এম ই স্কুলৰ প্ৰধান শিক্ষক কনক গয়াৰীয়ে। দিনৰ ১১ বজাৰ পৰা প্ৰবীণ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ ধেমাজি জিলা সমিতিৰ জনসম্পৰ্কৰক্ষী সম্পাদক ৰূপনাথ মুছাহাৰী ৷

তেওঁ কয় যে নিখিল বড়ো ছাত্র সন্থাই জনাই অহা দাবীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অসম চৰকাৰে এইবছৰৰ পৰা এই দিনটোক ৰাজ্যিক ছাত্র দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈ চৰকাৰীভাৱে উদযাপন কৰিছে ৷ এই পদক্ষেপ অতিকৈ আদৰণীয় আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক উচিত সন্মান জনোৱা হৈছে ৷ চৰকাৰৰ এনে পদক্ষেপে অসমত দীৰ্ঘবছৰ ধৰি বিভিন্ন কাৰণত পৃথকৃত আৰু বিচ্ছিন্নতাবাদী মনোভাৱ পোষণ কৰি অহা বড়োসকলৰ মাজত সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব ।

এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক উদয় বসুমতাৰীয়ে আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ চিলাপথাৰ প্ৰাথমিক সমিতিৰ সভাপতি প্ৰকাশ ব্ৰহ্মই ৷ তেওঁ কয় যে, বড়োসকল অসমৰ ভূমিপুত্ৰ জনজাতি হোৱা স্বত্বেও বিভিন্ন কাৰণত অৱহেলিত,অনাদৃত আৰু সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ৷

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজ জনগোষ্ঠীৰ ভৱিষ্যতৰ কথা ভাবি ৰাজনৈতিক স্ব-অধিকাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলনৰ গুৰি ধৰিছিল । অনুষ্ঠানত জয়ভদ্ৰ হাগজেৰ বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক নিবাৰাম স্বৰ্গীয়াৰী, দৈমালু বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক ৰঞ্জিত দৈমাৰী, দৈমালু বড়ো এম ই স্কুলৰ প্ৰধান শিক্ষক বুদ্ধিৰাম ব্ৰহ্ম উপস্থিত থাকে ৷

ছাত্র দিৱস উপলক্ষে ছাত্র-ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এইজন ছাত্ৰনেতাৰ বলিষ্ঠ নেতৃত্বত অসমৰ অন্যতম প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী বড়ো সকলৰ মাজত এক নতুন আলোড়নৰ সৃষ্টি হৈছিল ৷ সামাজিক,অৰ্থনৈতিক, ৰাজনৈতিক, ভাষা, সাহিত্য, সংস্কৃতি, শিক্ষা সকলো দিশতে পিচ পৰি থকা বড়ো জনগোষ্ঠীৰ ৰাইজে নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ শিকিছিল।

অতি কম সময়ৰ ভিতৰতে সমগ্ৰ বড়ো জনগোষ্ঠীৰ লোকসকলে এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছিল। বড়ো জনগোষ্ঠীৰ স্ব-অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামখনে এক নতুন গতি লাভ কৰিছিল ৷ তেখেতৰ নেতৃত্বতে বড়ো সকলৰ বৰ্ণময় সমাজ জীৱনত আমূল পৰিবৰ্তন হৈছিল ৷

কম বয়সীয়া হোৱা স্বত্বেও অত্যন্ত সু-নিপুণ, কৰ্মদক্ষতা আৰু পৰিকল্পিতভাৱে সকলো জনগোষ্ঠীকে সন্মান জনাই নিজ জনগোষ্ঠীক সু-নেতৃত্ব দিয়া বাবেই সকলোৰে আস্থাভাজন হ'বলৈ সক্ষম হৈছিল আৰু প্ৰতিজন বড়ো মানুহৰ হৃদয়ত স্থান লাভ কৰিছিল ৷

লগতে পঢ়ক: Kejriwal to visit Guwahati: অসমৰ ৰাজনীতি তল-ওপৰ কৰিব পৰা ঘোষণা কৰিব কেজৰিৱালে: আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.