জোনাই, ৯ মে : এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে (One year of Himanta Biswa Sarma Government) । বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হ'ল ড৹ শৰ্মা চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান । ইফালে, ৰাজ্যজুৰি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাম কাজক লৈ ৰাজ্যৰ সচেতন মহলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে ৷
বিগত এটা বছৰৰ খতিয়ানো দাঙি ধৰিলে বিভিন্নজনে ৷ বিগত সময়ছোৱাৰ পৰা এই পৰ্যন্ত ৰাইজৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি আহিছে ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজলৈ আগবঢ়োৱা এই কল্যাণমূলক আঁচনিসমূহে ঢুকি পাইছেনে সাধাৰণ ৰাইজক ?
সম্প্ৰতি জোনাইৰ তৰাজানৰ এটি আঠবছৰীয়া কণমানিক (Specially abled child from Jonai) প্ৰয়োজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অকনমান সহায়ৰ হাত ৷ উল্লেখ্য যে, বিশেষভাৱে সক্ষম ৰিদিপ গগৈ নামৰ কণমানিটো প্ৰায়েই অকস্মাৎ অসুস্থ হৈ পৰে ৷ কিন্তু দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৱে কণমানিটোৰ উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত বৰ্তমান থমকি ৰ'বলগীয়া হৈছে ৷
ইফালে, দৰিদ্ৰ পিতৃ-মাতৃয়ে জন্মৰে পৰাই ধেমাজি, ডিব্ৰুগড় আদি বিভিন্ন স্থানৰ চিকিৎসালয়ত ৰিদিপক চিকিৎসা প্ৰদান কৰি আহিছে ৷ তৎস্বত্বেও আজি পৰ্যন্ত কোনোধৰণৰ সুফল নোপোৱাত উপায়হীন হৈ অসুস্থ সন্তান ৰিদিপৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ মুখ্যমন্ত্ৰীক কাঁতৰ আহ্বান জনাইছে মাতৃ তনয়াই ৷
লগতে পঢ়ক : প্ৰথম বছৰৰ খতিয়ান: কিহত সফল, কিহত বিফল ড৹ শৰ্মাৰ চৰকাৰ