ETV Bharat / state

Special event at Jipu: উৰুকাৰ দিনাই জীপুত ব্যতিক্ৰমী বাৰেৰহণীয়া অনুষ্ঠান - DID Lil Runners up Adhyashree Upadhyay

ৰাজ্যজুৰি মাঘ বিহুৰ উছাহ উদ্দীপনা ৷ তাৰ মাজতেই বিহুৰ উৰুকাৰ দিনাই ধেমাজি জিলাৰ মালিনীপুৰৰ জীপুত এক বাৰেৰহণীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হয় (Special Gorkha event organise at Jipu) ৷

Special Gorkha event organise at Jipu
উৰুকাৰ দিনাই জীপুত ব্যতিক্ৰমী বাৰে ৰহনীয়া অনুষ্ঠান
author img

By

Published : Jan 16, 2023, 5:26 PM IST

উৰুকাৰ দিনাই জীপুত ব্যতিক্ৰমী বাৰে ৰহনীয়া অনুষ্ঠান

জোনাই, ১৬ জানুৱাৰী: ৰাজ্যজুৰি ভোগালী বিহুৰ উলহ মালহ (Bhogali Bihu in Assam) ৷ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ মাঘ বিহুৰ উৰুকাৰ দিনাই ধেমাজি জিলাৰ মালিনীপুৰৰ জীপুত এক বাৰেৰহণীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হয় (Special Gorkha event organise at Jipu) ৷

জীপু ঘগৰা জোনালী ক্লাবৰ বাকৰিত আয়োজিত এই অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি হৰি প্ৰসাদ থাপাই পতাকা উত্তোলন কৰে (Special event at Jipu) ৷ সম্পাদক পূৰ্ণে ৰাণাই আঁত ধৰা উদ্বোধনী সভাৰ পৌৰোহিত্য কৰে আগছুৰ ধেমাজি জিলাৰ সভাপতি চ'মৰাজ পুৰীয়ে ।

অনুষ্ঠানত স্থানীয় শিল্পীৰ দলে পৰম্পৰাগত সাতভনী, মাৰুণি, সংগিনী নৃত্য, খুকুৰি নৃত্য আদি পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰি অনন্য পৰিৱেশ গঢ়ি তোলে ৷ বৰ্ষণমুখৰ পৰিৱেশৰ মাজতো সীমান্তঞ্চলৰ অসংখ্য লোকে অংশ লয় এই অনুষ্ঠানত । অনুষ্ঠানতে ডি আই ডি লিট'ল ৰাণাৰ্চ আপ আধ্যাশ্ৰী উপাধ্যায়ে (DID Lil Runners up Adhyashree Upadhyay) প্ৰদৰ্শন কৰা নৃত্যই ৰাইজক আপ্লুত কৰে।

লগতে পঢ়ক: Magh Bihu at Barpeta Satra: বৰপেটা সত্ৰত পৰম্পৰা অনুসৰি পহিলা মাঘত প্ৰজ্বলিত কৰা হ’ল মেজি

ইয়াৰ পিছতেই এই অনুষ্ঠানৰ অংশস্বৰূপে ১৯ সংখ্যক গোৰ্খা কাপ ফুটবল (19th Gorkha Cup Football) খেল আৰম্ভ হয় । ফিটা কাটি খেলপথাৰ উদ্বোধন কৰি মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে কয় উঠি অহা প্ৰজন্মৰ সুপ্ত প্ৰতিভা উলিয়াই আনিব লাগিব । ৰাজনীতিৰ উৰ্ধ্বত থাকি উঠি অহা প্ৰজন্মৰ শাৰীৰিক, মানসিক দিশৰ উৎকৰ্ষ সাধনৰ সঠিক বাট দেখুৱাই নিব লাগিব বুলি মন্তব্য কৰে।

লগতে জীপু ঘগৰাৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ যুৱ ছাত্র কল্যাণ বিভাগৰ পুঁজিৰ পৰা ২ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰে । উদ্বোধনী খেলখনত চিলি হাতীগড় একাদশে খনামুখ একাদশক ট্ৰাইব্ৰেকাৰ জৰিয়তে ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে । এই অনুষ্ঠানত গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য ৰাজু তামাং, ক্ৰীড়া সংগঠক ৰাজীৱ গগৈ, আগছুৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ খনাল, মালিনীপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী জোনাকী প্ৰধান, প্ৰাক্তন সভানেত্ৰী পদ্ম কুমাৰী থাপা, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দন কছাৰী, সমাজকৰ্মী ৰোহিত প্ৰধান আদি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Rangpur Festival 2023: শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত ৰংপুৰ উৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.