ETV Bharat / state

Sonowal Kachari Barmajhiri session: সোণোৱাল কছাৰীৰ বৰমাঝিৰী সঁচৰ নতুন সমিতি গঠন - Sonowal Kachari Barmajhiri Dhemaji district

সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ সপ্তম সংখ্যক অধিৱেশনখনৰ সামৰণি (Sonowal Kachari Barmajhiri) । অন্তিম দিনা ধেমাজি জিলা বৰমাঝিৰী সঁচৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

Sonowal Kachari Barmajhiri Dhemaji district committee session
সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ অধিৱেশন
author img

By

Published : Feb 6, 2023, 10:40 AM IST

সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ অধিৱেশন

জোনাই, ৬ ফেব্ৰুৱাৰী: অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ সপ্তম সংখ্যক অধিৱেশনখনৰ দেওবাৰে সামৰণি পৰে (Sonowal Kachari Barmajhiri Dhemaji district committee session)। ধেমাজি জিলাৰ হাতীপৰা গাঁৱত অনুষ্ঠিত অধিৱেশনৰ কালি পুৱা ৮ বজাত স্মৰণিকা উন্মোচন কৰে কিৰণ একাডেমীৰ অধ্যাপিকা ৰুমা বড়া শইকীয়াই । ইয়াৰ পিচতেই পুৱা ৯ বজাত বৰমাঝিৰী সঁচৰ বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অন্তিম দিনা ধেমাজি জিলা বৰমাঝিৰী সঁচৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

ইপিনে, পুৱা ১০ বজাত ডিম্বেশ্বৰ শইকীয়াৰ সঞ্চালনাত "সাম্প্ৰতিক সময়ত বংশাৱলী সভাৰ প্ৰাসংগিকতা আৰু ধেমাজি জিলাত বসবাস কৰা বৰমাঝিৰী সঁচৰ ওপৰত পৰ্যালোচনা" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় (Bormajhiri branch of Sonowal Kachari)। এই আলোচনা চক্ৰখনত আলোচক হিচাপে অংশগ্ৰহণ কৰি নৰ্থ বেংক মহাবিদ্যালয়ৰ প্ৰৱক্তা মোহিত কুমাৰ সোণোৱাল, ৰবি শইকীয়া, বীৰেণ সোণোৱাল, ডাঃ গিৰিণ শইকীয়া, ধনেশ্বৰ সোণোৱালে স্বগোষ্ঠীয় বিভিন্ন ঐতিহ্য আৰু ইয়াৰ সুৰক্ষাৰ বাবে কৰণীয় বিষয়ত ভাষণ আগবঢ়ায় ।

দিনৰ ১১.৩০ বজাৰ পৰা সদৌ ধেমাজি জিলা বৰমাঝিৰী সঁচৰ সভাপতি তিলেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড৹ পৰমানন্দ সোণোৱালে বিশ্বায়নৰ যুগত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ স্বকীয় পৰিচয় অটুট ৰাখিবলৈ সকলোকে দায়িত্ব সহকাৰে কাম কৰি যাবলৈ আহ্বান জনায় । মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে সোণোৱাল কছাৰী সাহিত্য সভাৰ উপ সভাপতি হেৰম্বপ্ৰসাদ দাস, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱাল, সহকাৰী সাধাৰণ সম্পাদক দুলেন সোণোৱাল, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, প্ৰচাৰ সম্পাদক জোনটি সোণোৱাল, সোণোৱাল কছাৰী যুৱ মঞ্চৰ সভাপতি জিতুলৰাজ সোণোৱাল, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্যা নন্দিনী ডেকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

অন্তিম দিনা অনুষ্ঠিত প্ৰতিনিধি সভাত ডিম্বেশ্বৰ শইকীয়াক সভাপতি, গিৰিধৰ শইকীয়াক কাৰ্যকৰী সভাপতি, দুতিৰাম শইকীয়াক উপ সভাপতি, দ্বীপেন সোণোৱালক সাধাৰণ সম্পাদক, নিতুল শইকীয়াক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ ধেমাজি জিলা বৰমাঝিৰী সঁচৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় । এই সমিতিখনত তিলেন্দ্ৰ শইকীয়া, উমাকান্ত শইকীয়া, ভাবীৰাম সোণোৱাল, মিলেশ্বৰ সোণোৱালক উপদেষ্টা হিচাপে মনোনীত কৰা হয় । সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী ত্ৰৈলোক্য সোণোৱাল আৰু ডিকি সোণোৱালে গীত পৰিৱেশন কৰে ।

উল্লেখ্য় যে অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বৰমাঝিৰী সঁচৰ ধেমাজি জিলা সমিতিৰ সপ্তম সংখ্যক অধিৱেশনখন জিলাখনৰ হাতীপৰা গাঁৱত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই অধিৱেশনৰ প্ৰথম দিনা পুৱা অভ্যৰ্থনা সমিতিৰ কোষাধ্যক্ষ সৰ্বানন্দ শইকীয়াই স্বচ্ছতা অভিযানৰ আৰম্ভ কৰে ।

লগতে পঢ়ক:Sonowal Kachari Barmajhiri session: সোণোৱাল কছাৰীৰ বৰমাঝিৰী সঁচৰ অধিৱেশনৰ আজি মুকলি সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.