ETV Bharat / state

জোনাইত বুধবাৰৰ পৰা চৰকাৰৰ নতুন নিৰ্দেশনা পালন - নতুন নিৰ্দেশনা

অসম চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি বুধবাৰে দিনৰ ২ বজাত ৰাজ্যৰ সকলো জিলাতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰা হয় । ধেমাজিৰ জোনাইতো সাধাৰণ ৰাইজ তথা ব্যৱসায়ীসকলে এই নতুন নিৰ্দেশনা পালন কৰে ।

Situation in Jonai after new SOP imposed
জোনাইত বুধবাৰৰ পৰা চৰকাৰৰ নতুন নিৰ্দেশনা পালন
author img

By

Published : May 6, 2021, 11:19 AM IST

জোনাই, ৫ মে': ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ এক অংশ হিচাপে চৰকাৰে শেহতীয়াকৈ এক নতুন নিৰ্দেশনাৱলী জাৰি কৰিছে । এই নতুন নিৰ্দেশ বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে অসমৰ প্ৰতিখন জিলাতে । নিৰ্দেশনাৰ জৰিয়তে চৰকাৰে দিনৰ ২ বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ কৈছিল । বুধবাৰে ৰাজ্যৰ সকলো জিলাতে এই নিৰ্দেশনা পালন কৰা পৰিলক্ষিত হৈছে ।

ব্যতিক্ৰম নহয় ধেমাজি জিলাও । ধেমাজিৰ জোনাইতো দিনৰ ২ বজাতে বন্ধ হৈ পৰে দোকান-পোহাৰ । চৰকাৰৰ নিৰ্ধাৰিত সময় অনুসৰি চৰকাৰী, বে-চৰকাৰী কাৰ্যালয়সমূহো বন্ধ কৰা হয় । কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ এনেদৰে ৰাইজে চৰকাৰী নিৰ্দেশ পালন কৰাৰ বাবে ৰাইজৰ সজাগতাক শলাগ লৈছে জোনাই প্ৰশাসনে ।

উল্লেখ্য যে, বৰ্তমান ৰাজ্য তথা সমগ্ৰ দেশতে মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । গতিকে সাৱধনতা অৱলম্বন কৰি সুৰক্ষিত হৈ থকাতো এতিয়া অতি প্ৰয়োজন হৈ পৰিছে । ইতিমধ্যে মহমাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ এটাৰ পিছত আনটো কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে চৰকাৰে ।

লগতে পঢ়ক:পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে বিজেপিৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.