ETV Bharat / state

চিমেন নদীৰ শিল-বালি মহলত অৰুণাচলীৰ শেনচকু ! - Arunachal Pradesh

অব্যাহত আছে চিমেন নদীৰ শিল-বালি মহলৰ ওপৰত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বেদখল । প্ৰায় পাঁচ শতাধিক শ্ৰমজীৱী লোক জড়িত মহলটোত ব্যাপক হাৰত বেদখল চলে অৰুণাচলৰ ৷ মাত্ৰ বেদখলতে সীমাবদ্ধ নাথাকি শ্ৰমিকক মাৰপিট কৰাৰ লগতে প্ৰাণ নাশৰ ভাবুকি দিয়াটো অঞ্চলটোত বৰ্তমান সাধাৰণ ঘটনাত পৰিণত হৈছে ।

simen river dispossessed by arunachal pradesh jonai dhemaji assam
চিমেন নদীৰ বালি মহল বেদখল
author img

By

Published : May 13, 2020, 11:35 AM IST

জোনাই,13 মে’: ধেমাজি জিলাৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ হোৱা চিমেন নদীৰ শিল-বালি মহলৰ ওপৰত অব্যাহত আছে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বেদখল । মহলটো 2014 চনৰ পৰা সাত বছৰৰ বাবে 95,00,511 লাখত চুক্তি সাপেক্ষে লাভ কৰিছিল চিলাপথাৰৰ অঞ্জলা বসুমতাৰীয়ে । পৰৱৰ্তী সময়ত চুক্তিৰ পিচতো কাম আগুৱাব পৰা নাই ব্যৱসায়ী আৰু শ্ৰমিকসকলে । প্ৰায় পাঁচ শতাধিক শ্ৰমজীৱী লোক জড়িত মহলটোত ব্যাপক হাৰত বেদখল চলে অৰুণাচলৰ ৷ মাত্ৰ বেদখলতে সীমাবদ্ধ নাথাকি শ্ৰমিকক মাৰপিট কৰাৰ লগতে প্ৰাণনাশৰ ভাবুকি দিয়াটো অঞ্চলটোত বৰ্তমান সাধাৰণ ঘটনাত পৰিণত হৈছে । উল্লেখ্য যে,বিগত 13 মাৰ্চৰ পৰা আজিকোপতি সাতবাৰকৈ মহলত কাম কৰা অৰুণাচলী লোকে অসমীয়া লোকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

চিমেন নদীৰ বালি মহল বেদখল

আনহাতে,বিগত 10 মে’ত বিবদমান মহলটোক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ মাজত হোৱা আলোচনা বিফল হোৱাৰ পিচত মঙলবাৰে পুনৰ এক আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ এক ফলপ্ৰসূ আলোচনাৰ আশা লৈ চিমেন নদীৰ সমীপত মঙলবাৰে উপস্থিত হয় ধেমাজি প্ৰশাসন । কিন্তু প্ৰশাসনৰ লোক উক্ত ঠাইত উপস্থিত হোৱাত বেদখলকাৰী দলটো আদবাটৰ পৰা উভটি যোৱা বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰে ৷ ভাৰত চৰকাৰে 1951 চনত প্ৰস্তুত কৰা মানচিত্ৰ আৰু জিপিএফ নমনা আঁকোৰগোজ অৰুণাচলী লোকৰ সৈতে ইতিপূৰ্বে বিফল হৈছে প্ৰতিখন আলোচনা । পিছত ধেমাজি প্ৰশাসনে বিষয়টো সন্দৰ্ভত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দি উক্ত স্থানৰ পৰা প্ৰত্যাৱৰ্তন কৰে । বিষয়টো সন্দৰ্ভত ধেমাজি জিলা আছুৱে উচিত তদন্তৰ দাবী জনায় প্ৰশাসনক ৷

লগতে চাওকঃ মুম্বাইৰ পৰা বাছ যোগে গুৱাহাটীত উপস্থিত কৰ্কট ৰোগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.