জোনাই,14 জুন : চিলাপথাৰৰ মধ্য চিচি টঙানি পঞ্চায়তৰ মেৰ দেবেৰা গাঁৱৰ টঙানি নদী (Tongani River)ৰ পাৰত গৰু চৰাবলৈ যোৱা নিৰ্যাতিত তিনি শিশুক নিজাববীয়াকৈ অনুসন্ধান চলাই সোমবাৰে পুৱাৰ ভাগত নিজৰ জিম্মালৈ আনে চিলাপথাৰ আৰক্ষীয়ে ৷ 9 জুনত গৰু চৰাবলৈ যাওতে তিনিওটা শিশুক নিৰ্যাতন চলোৱা দৃশ্য ভাইৰেল হোৱাৰ পাচতে শিশু তিনিটাৰ উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷
চিকিৎসালয়ত আৰক্ষীয়ে শাৰীৰিক পৰীক্ষাৰ অন্তত সমগ্ৰ ঘটনাটোৰ বিষয়ে তদন্ত চলোৱাৰ সময়ত আৰক্ষীৰ সন্মুখত এক শিহৰণকাৰী নিৰ্যাতনৰ তথ্য ব্যক্ত কৰে শিশুকেইটাই ৷ গৰু চৰোৱা সময়তে নদীৰ পাৰত থকা নাও লৈ খেলি আছিল তিনিওটা শিশুৱে । গা ধুই খেলি থকা অৱস্থাতে জগত পেগু নামৰ এজন লোকে পাতি ৰখা জালত নাও লাগি ধৰা বুলি কৈ খেদি যায় শিশু তিনিটাক ।
বহু দূৰ খেদি খেদি তিনিওটা শিশুক ধৰি লোকজনে কাঁইটৰ জোপোহা গছত বগৰাই চৰম শাস্তি প্ৰদান কৰাৰ লগতে গুপ্তাংগত কাঁইট ভৰাই অত্যাচাৰ কৰে । জগত পেগুৱে শিশুকেইটাৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰৰ দৃশ্য ওচৰত থকা এজন যুৱকে কেমেৰাত বন্দী কৰি ফেচবুকযোগে ভাইৰেল কৰে । 8, 9 আৰু 11 বছৰীয়া শিশু তিনিটাক নিৰ্যাতন চলোৱা জগত পেগুৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত শিশু কেইটাৰ পিতৃয়ে গোচৰ ৰুজু কৰিছে । আইনক অভিযুক্ত জগত পেগুৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে নিৰ্যাতিত শিশু তিনিটাৰ পৰিয়ালে ।
লগতে পঢ়ক : এইবাৰ বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল এগৰাকী বৃদ্ধ