ETV Bharat / state

আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিবঃ শিৱ সেনা

author img

By

Published : Sep 9, 2020, 4:23 PM IST

অসমৰ ৰাইজৰ আবেগকক জলাঞ্জলী দি ৰাষ্ট্ৰীয়তাবাদী চৰকাৰখনে অসমৰ সমস্যাক আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা বিদায় দিব লাগিব ৷ এই মন্তব্য শিৱ সেনা দলৰ প্ৰমুখ গংগাধৰ দত্তৰ ৷

Shiv Sena Political Party Recation On BJP Goverment
আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিবঃ শিৱ সেনা

ধেমাজি, 9 ছেপ্তেম্বৰ : আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগিব ৷ অসমৰ ৰাইজৰ আবেগক জলাঞ্জলী দি ৰাষ্ট্ৰীয়তাবাদী চৰকাৰখনে অসমৰ সমস্যাক আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা বিদায় দিব লাগিব ৷ এই মন্তব্য শিৱ সেনা দলৰ প্ৰমুখ গংগাধৰ দত্তৰ ৷

আগন্তুক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । সমান্তৰালকৈ বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ মাজতো নতুন দল গঠনৰ উকমুকনি তথা ব্যাপক হিচাপ-নিকাচ অব্যাহত থকাৰ সময়ত শিৱ সেনাৰ ধেমাজি জিলা প্ৰমুখ গংগাধৰ দত্তই সম্প্ৰতি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ।

ইফালে, প্ৰমুখ গৰাকীয়ে জনোৱা অনুসৰি,আগন্তুক 2021 চনৰ নিৰ্বাচনত দলটোৱে ধেমাজি জিলাৰ দুটা সমষ্টি ক্ৰমে ধেমাজি আৰু জোনাই সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব। ইতিমধ্যে, নিৰ্বাচনক লৈ দলটোৱে ব্যাপক প্ৰস্তুতি চলোৱা বুলি সদৰী কৰে ৷

আনহাতে,ধেমাজিৰ দীৰ্ঘদিনীয়া বানপানী সমস্যাৰ সমাধান কৰিব নোৱাৰা চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে নেতা গৰাকীয়ে । যিখন নদীয়ে জিলাখনৰ শ শ কৃষকক কঙাল কৰি আহিছে তেনে সমস্যাক চৰকাৰে স্থায়ী সমাধান কৰিব পৰা নাই বুলিও নেতা গৰাকীয়ে মন্তব্য প্ৰদান কৰে ।

ইফালে,নিৰ্মীয়মান অৱস্থাত বন্ধ হৈ থকা গেৰুকামুখস্থিত নামনি সোৱণশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰি ধেমাজি,লখিমপুৰ আৰু ‌মাজুলীবাসীলৈ ভাবুকি কঢ়িয়াই আনিছে বুলিও নেতা গৰাকীয়ে অভিযোগ প্ৰদান কৰিছে ।

লগতে পঢ়ক : চিত্ৰশিল্পী নীলিম মহন্তৰ হাতৰ পৰশত প্ৰাণ পালে সুধাকণ্ঠই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.