ধেমাজি,২৪ জুলাই : ধেমাজি অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড (Sensational incident at Dhemaji civil hospital)৷ দুজন লোকে মৃত নৱজাতকক বস্তাৰে বান্ধি দলিয়ালে চিকিৎসালয়ৰ দাঁতিকাষৰীয়া এঘৰৰ বাৰীত ৷ এই কামৰ বিনিময়ত মৃত নৱজাতকৰ অভিভাৱকৰ পৰাও লোক দুজনে ল'লে ৫০০ টকা । স্থানীয় ৰাইজে হাতে লোটে ধৰি আৰক্ষীক চমজালে তাৰে এজনক ।
এই ঘটনা ধেমাজিৰ লাচিত নগৰৰ । জানিব পৰা মতে হাস্পতালখনত নৱজাতকৰ মৃত্যু হ'লেই এনেদৰে লোককেইজনে বিভিন্ন স্থানত পেলাই দিয়ে মৃতদেহ । কিন্তু দেওবাৰে তেওঁলোকে মৃত নৱজাতকক পেলাই দিয়াৰ সময়তে স্থানীয় লোকে প্ৰত্যক্ষ কৰি তেওঁলোকক আৰক্ষীক গতাই দিয়ে । দীৰ্ঘদিন ধৰি এনেদৰে মৃত নৱজাতকক বিভিন্ন স্থানত পেলাই অহাৰ কথাও স্বীকাৰ কৰিছে আটকাধীন লোকজনে ৷
ইফালে ধেমাজিৰ চিচিবৰগাওঁ ৰাজহচক্ৰৰ ভাঙি দিয়া নামৰ ঠাইৰ এগৰাকী মহিলাই চিকিৎসালয়ত জন্ম দিয়া নৱজাতকক এনেদৰে পেলাই দিবলৈ ৫০০ টকা দিয়া কাৰ্যকো বহুতে তীব্ৰ সমালোচনা কৰিছে । মহিলাগৰাকী পৰিয়ালক এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে গৰিহণা দিছে স্থানীয় লোকে । এই ঘটনাটোক লৈ বিভিন্ন সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই ঘটনাত জড়িত সকলক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ।
লগতে পঢ়ক :Youth attack with sharp weapon: চুবুৰীয়াৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত জাকিৰ হুছেইন