জোনাই, ৪ ছেপ্টেম্বৰ: তেলাম ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু টিএমপিকেৰ তেলাম আঞ্চলিক সমিতিৰ সহযোগত তেলাম ট্ৰাইবেল হাইস্কুল খেলপথাৰত ৰবিবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় বাৰ্ষিক য়াল্ কাডু সোঁৱৰণী ফুটবল টুৰ্ণামেন্টত আৰ ডি ৰাইনো এফচিয়ে সানজাৰি এফচিক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে (Second Annual Yal Kadu Memorial Football Tournament)।
তেলাম সমবায় সমিতিৰ সভাপতি তুলাৰাম মৰাঙে সভাপতিত্ব কৰা আৰু দঃঞি পঃলঃ য়েলাম কৌবাঙৰ সাধাৰণ সম্পাদক মূলাকান্ত পেগুয়ে উদ্বোধন কৰা ফুটবল টুৰ্ণামেন্টখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ধেমাজি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ পেগুৱে কয় ধেমাজি জিলাত বিভিন্ন বিভাগৰ বহু প্ৰতিভা সম্পন্ন খেলুৱৈ আছে ৷ যদিও উন্নতমানৰ খেলপথাৰ আৰু অন্যান্য আন্তঃগাঁথনি প্ৰয়োজন সাপেক্ষে নথকাৰ ফলত খেলুৱৈসকল অসুবিধাৰ সন্মুখীন হ’ব লগা হৈ আহিছে (Lack of quality playgrounds and other infrastructure)৷
স্থানীয় প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ বাবে চৰকাৰক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে । ধেমাজি জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি মলেন্দ্ৰ নাৰ্জাৰীয়ে কয়, ধেমাজি জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত কেইবাখনো আন্তঃজিলা পৰ্যায়ৰ ফুটবল টুৰ্ণামেন্টৰ আয়োজন কৰা হৈছে আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নত এমএচিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে ।
য়াল্ কাডু প্ৰাইজমাণি ফুটবল টুৰ্ণামেন্টৰ দাতা পৰিয়ালৰ হৈ সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নীনা কাডুৱে কয়, অসম আৰু অৰুণাচলৰ মাজত ক্ৰীড়াৰ জৰিয়তে ঐক্য-শান্তি-সম্প্ৰীতিৰ এনাজৰী কটকটীয়া হোৱাৰ লগতে দুয়োখন ৰাজ্যৰ উদীয়মান খেলুৱৈসকলৰ মাজত ক্ৰীড়াসুলভ মানসিকতা গঢ় লৈ উঠাৰ লক্ষ্যৰে য়াল্ কাডুৰ সোঁৱৰণী ফুটবল টুৰ্ণামেন্টৰ অনুষ্ঠিত কৰা হৈছে বুলি বক্তব্য ৰাখে(Relation between Assam & Arunachal)।
তেলাম ক্ৰীড়া সন্থাৰ সম্পাদক নিত্যা পাতিৰে কয় যে দ্বিতীয় বাৰ্ষিক য়াল্ কাডু সোঁৱৰণী প্ৰতিযোগিতাখনত শ্বিলং,অৰুণাচল, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, দুলীয়াজান আদিৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে যোগদান কৰিছে বুলি উল্লেখ কৰাৰ লগতে অহা ২২ ছেপ্টেম্বৰৰ দিনা প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হব বুলি জনায় । খেলখন পৰিচালনা কৰে কিৰণ কুলি, লাইনমেনত প্ৰকাশসিং দলে আৰু দেৱ টায়েই । আজি মুস্তাং এফচি আৰু জোনাই এফচিৰ মাজত খেল অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক: জম্মুত নতুন দল গঠনৰ ঘোষণা গোলাম নবী আজাদৰ