ETV Bharat / state

Science conference in Jonai: বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টিৰ লক্ষ্যৰে জোনাইত বিজ্ঞান সমাৰোহ

author img

By

Published : Dec 24, 2022, 8:38 AM IST

Updated : Dec 24, 2022, 9:30 AM IST

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মুৰ্কংচেলেক ব্লকৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ অনুষ্ঠিত হৈ যায় এখনি বিজ্ঞান সমাৰোহ (Aryabhatta Science Centre) ৷ বিজ্ঞান সমাৰোহখনত অংশগ্ৰহণ কৰে 12 খনতকৈ অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷

Aryabhatta Science Centre Murkong Selek Block Level Science Conference held in Jonai
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মুৰ্কংচেলেকত বিজ্ঞান সমাৰোহ

জোনাই, 24 ডিচেম্বৰ: মানুহ হ’ল চিন্তাশীল প্ৰাণী । অৰ্থাৎ যাৰ আছে বিভিন্ন বিষয়ত চিন্তা কৰিব পৰা ক্ষমতা ৷ এই গুণৰ বলতেই মানুহে অতীতৰে পৰা প্ৰকৃতিক বিশ্লেষণ আৰু অনুধাৱন কৰি প্ৰাকৃতিক নিয়মসমূহ নিজৰ তথা সমাজৰ কল্যাণৰ বাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে । মানুহৰ এই প্ৰচেষ্টাই, অৰ্থাৎ প্ৰকৃতিৰ অধ্যয়নেই হ’ল বিজ্ঞান (Science and technology) ।

প্ৰকৃতিক অধ্যয়ন কৰি ইয়াৰ ৰহস্য উদঘাটন কৰাৰ লগত জড়িত হৈ থকা বিশেষ পদ্ধতিয়েই হ'ল বৈজ্ঞানিক পদ্ধতি । সাধাৰণভাৱে ক'বলৈ গ'লে, বৈজ্ঞানিক পদ্ধতি হ'ল প্ৰধানকৈ এটা পৰীক্ষা-নিৰীক্ষাভিত্তিক পদ্ধতি । এই পদ্ধতিৰ সহায়ত প্ৰকৃতিৰ ঘটনা-পৰিঘটনা, প্ৰাকৃতিক উপাদান আদি বিশ্লেষণ কৰি সত্যৰ সন্ধান কৰা হয় ।

ছাত্ৰ-ছাত্ৰীৰ উপৰি উঠি অহা নতুন প্ৰজন্মৰ সৃষ্টি বিজ্ঞান মানসিকতাৰ উদ্বুদ্ধ কৰি তোলাৰ নিমিত্তে বিজ্ঞান শিক্ষাৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি বিজ্ঞানক এক বৃত্তি হিচাপে প্ৰচাৰ কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ (Aryabhatta Science Centre), অসমৰ উদ্যোগত ধেমাজি জিলাৰ মুৰ্কংচেলেক ব্লকৰ অন্তৰ্গত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Jonai Higher Secondary School) এখনি বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈ যায় । শুকুৰবাৰে দিনৰ 10 বজাৰ পৰা অনুষ্ঠিত হয় এই বিজ্ঞান সমাৰোহখনি (Science exhibition 2022) ৷

লগতে পঢ়ক: Science Exhibition at Silapathar : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আয়োজন বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান

মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত 12 খনতকৈ অধিক শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ বিজ্ঞানৰ মডেল, বিজ্ঞান বিষয়ক আকস্মিক বক্তৃতা, ছবি অকা, নৃত্য প্ৰতিযোগিতা আদি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত আয়োজন কৰা অনুষ্ঠানটিৰ ফিটা কাটি শুভাৰম্ভ কৰে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ্বৰ পেগুৱে (Murkong Selek Block Level Science Conference) ৷ বিজ্ঞান কেন্দ্ৰটোৰ অধ্যক্ষ তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰমানন্দ দাৰিকে সঞ্চালনা কৰা সভাৰ আঁত ধৰে বিজ্ঞান কেন্দ্ৰটোৰ সমন্বয়ক প্ৰদীপ গগৈয়ে (Block Level Science Conference) ৷

সমাৰোহত পৰিবেশ কৰ্মী তথা বিষয় শিক্ষক তুষেশ্বৰ মিৰি আগৰৱালাই ছাত্ৰ-ছাত্ৰীসকলক বক্তৃতা প্ৰদান কৰাৰ লগতে পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ ওপৰত মত বিনিময় কৰে (Block Level Activities) ৷ ইয়াৰোপৰি মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰান্তিকা শৰ্মাৰ লগতে বহু গন্যমান্য ব্যক্তি সমাৰোহত উপস্থিত থাকি বিজ্ঞান বিষয়ৰ ওপৰত বহুমূলীয়া বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: Science Exhibition 2022: চিমেন চাপৰি বাথৌ ইংলিছ স্কুলত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান

Last Updated : Dec 24, 2022, 9:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.