ETV Bharat / state

Sarbananda Sonowal at DCC: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত সৰ্বানন্দ সোণোৱাল

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union minister Sarbananda Sonowal) ৷ মহাবিদ্যালয়ত উপস্থিত হয় অন্তৰংগ আলাপ নামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Sarbananda Sonowal attended program at Dhemaji Commerce College
ধেমাজি বাণিজ্য মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Feb 19, 2023, 10:05 PM IST

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ধেমাজি, 19 ফেব্ৰুৱাৰী: দেওবাৰে বিয়লি ধেমাজিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union minister Sarbananda Sonowal) ৷ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অন্তৰংগ আলাপ অনুষ্ঠানত মহাবিদ্যালয়খনৰ লগতে ধেমাজি মহাবিদ্যালয়, মৰিধল মহাবিদ্যালয়, ধেমাজি বালিকা মহাবিদ্যালয়, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Sarbananda Sonowal attended program at DCC) ৷

অন্তৰংগ আলাপত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ সদব্যৱহাৰ কৰি প্ৰতিটো দিনেই কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে কয়, "পঢ়াৰ সময়চোৱা হৈছে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সোণোৱালী সময় ৷ এইটো সময়তেই ব্যক্তিত্ব নিৰ্মাণ কৰিব পাৰি, মন শৰীৰ আৰু আত্মা একাকাৰ হৈ থাকিলে সফল হ’ব পাৰিব নিজৰ লক্ষ্যত ৷ তাৰ বাবে কষ্ট কৰিব লাগিব ৷ কষ্ট কৰি ব্যক্তিত্ব উজ্জ্বল কৰিব লাগিব ৷ এই ব্যক্তিত্বই সমাজক পোহৰ দিব, দেশক পোহৰ দিব, বিশ্বক পোহৰ দিব ৷ গতিকে সেই দৃষ্টিভংগীৰে শিক্ষাগ্ৰহণ কৰাৰ বাবে কেইটামান চৰ্ত মানি চলিব লাগিব ৷"

কিন্তু এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশ কৰি কয় যে তেওঁৰ জীৱনত সেইবিলাক কথা সঠিক নহ’ল ৷ কিন্তু আজিৰ ছাত্ৰ-ছাত্ৰীসকলে এইটো কৰিব পাৰিব আৰু এই ক্ষেত্ৰত তেওঁ দৃঢ় বুলিও মত প্ৰকাশ কৰে ৷ লগতে ধেমাজিৰ সৌন্দৰ্যতা আৰু বাৰেৰহণীয়া সাংস্কৃতিক বৰপথাৰখনৰ বিষয়ে, কৃষি বিষয়ে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে অৱগত কৰে ৷

তেওঁ কয় যে ধেমাজিখনক বিশ্বৰ বুকুত শক্তিশালী জিলা হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব৷ ইয়াৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ দায়িত্ব আছে । ভকেল ফ’ৰ লোকেল হৈ আজিৰ ছাত্ৰ-ছাত্ৰীসকলে একো একোজন এম্বেচাডৰ হ’ব লাগিব বুলি ধেমাজিৰ শিক্ষাৰ্থীসকলক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ তদুপৰি অনুষ্ঠানত দেশৰ নৰেন্দ্ৰ মোদীৰ চেষ্টাতে যাতায়তৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে বুলিও মত প্ৰকাশ কৰে (Sarbananda Sonowal at DCC) ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য উদ্বৃত্ত দি কয় যে যাতায়ত সূচল হ’লে এজন ব্যক্তি বা পৰিয়ালে সকলো ক্ষেত্ৰত নিজৰ প্ৰতিভা বিকাশ ঘটায় আগুৱাই যাবলৈ সক্ষম হ’ব পাৰিব ৷ ইয়াৰোপৰি গোলকীয় উষ্ণতা বৃদ্ধি, বতৰ পৰিঘটনা সলনি, G20 চলি আছে ৷ গতিকে Climate change ক Climate action ৰ বাবে প্ৰতিখন ৰাষ্ট্ৰই সহমত প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে ৷

উল্লেখ্য যে অনুষ্ঠানটো আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গায়নে বায়নে আদৰি অনা হয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহলৈ ৷ অনুষ্ঠানত ছাত্ৰীসকলৰ দ্বাৰা ভূপেন হাজৰিকাৰ কালজয়ী সাতভনী গীতৰ নৃত্য প্ৰদৰ্শন কৰে ৷ সভাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ফটো উঠে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Dhemaji Commerce College) ৷

লগতে পঢ়ক: Sarbananda Sonowal in Lakhimpur: লখিমপুৰৰ প্ৰয়াত সমাজকৰ্মী খগেন গগৈৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.