ETV Bharat / state

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ধেমাজিৰ সমীৰ পালে

author img

By

Published : Nov 12, 2019, 7:01 PM IST

Updated : Nov 12, 2019, 8:00 PM IST

মি: ইউনিভাৰ্ছ, ২০১৯ ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ধেমাজিৰ সমীৰ পালে ৷ তেওঁ ধেমাজিৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা বকুল পাল আৰু পুতুল পালৰ পুত্ৰ ।

সমীৰ পাল

ধেমাজি, ১১ নৱেম্বৰ : অহা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পট্টায়াত অনুষ্ঠিত হ'বলগীয়া মি: ইউনিভাৰ্ছ, ২০১৯ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে ধেমাজিৰ এগৰাকী উদ্যমী শৰীৰ চৰ্চাবিদ সমীৰ পাল তথা মনজিৎ পাল ৷ ১৯৯৪ চনৰে পৰা ধাৰাবাহিকভাৱে শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ সৈতে জড়িত সমীৰ পালে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰি ৰাজস্থান, দিল্লী, মুম্বাই আদিতো এই কলা প্ৰদৰ্শন কৰি প্ৰশংসিত হৈ আহিছে । তেওঁ ধেমাজিৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা বকুল পাল আৰু পুতুল পালৰ পুত্ৰ ।

এই সম্পৰ্কত শৰীৰ চৰ্চাবিদগৰাকীয়ে কয় যে, সৰ্ব সাধাৰণৰ চকুত নপৰা এই ক্ৰীড়াৰ জৰিয়তে সফলতা লাভ কৰিবলৈ যথেষ্ঠ কষ্ট তথা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় । ইয়াৰ বাবে প্ৰয়োজন যথেষ্ট অৰ্থৰ ৷ ১৯৯৪ বৰ্ষত ধেমাজিৰ দৰে ঠাইত শৰীৰ চৰ্চাৰ বাবে কোনো পৰিৱেশ নাছিল বুলিও মন্তব্য কৰে সমীৰ পালে ৷ বহু সাধনা আৰু ত্যাগৰ বিনিময়তহে বৰ্তমানৰ পৰ্যায়ত উপনীত হোৱা বুলি মন্তব্য কৰি কয় যে, দেশৰ হৈ এদিন খেলাৰ সপোন পুহি ৰাখিছিল আৰু এই সপোনক বাস্তৱ ৰূপ প্ৰদান কৰাৰ সময় সমাগত ৷ ইপিনে উঠি অহা প্ৰজন্মক সু-স্বাস্থ্যৰ অধিকাৰী হ'বৰ বাবে নিয়মিত ঘৰতে ব্যয়াম কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাই সমীৰ পালে ৷

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব
মি: ইউনিভাৰ্ছলৈ নিৰ্বাচিত ধেমাজিৰ সমীৰ পাল

একালৰ শিষ্যগৰাকীয়ে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা বাবে ধেমাজি জিমন্যাষ্টিক ক্লাবৰ প্ৰশিক্ষক তথা পালৰ গুৰু ঘনকৃষ্ণ বৰগোঁহাইয়ে অভিনন্দন জ্ঞাপন কৰিছে । বহু ত্যাগ, সাধনা আৰু অৰ্থৰ বিনিময়তহে এজন সফল শৰীৰ চৰ্চাবিদ আৰ্বিভাৱ হয় বুলি মন্তব্য কৰে প্ৰশিকগৰাকীয়েও ।

ইতিমধ্যে আগন্তুক প্ৰতিযোগিতাত ধেমাজিৰ পৰা অসম তথা ভাৰতৰ হৈ অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈ পৰা পালে বৰ্তমান নিজৰ 'ফ্লেক্সি জিমতেই' দৈনিক 6 ঘন্টাকৈ কঠোৰ অনুশীলন অব্যাহত ৰাখিছে ৷

আৰু পঢ়ক : 'বিৰাট কোহলী হ'ব বিচাৰে' ডেভিদ ৱাৰ্ণাৰৰ কন্যাই

Intro:শৰীৰ চৰ্চাৰে জগত জিনিব পাৰি । মি : ইউনিভাৰ্ছ ২০১৯ প্ৰতিযোগিতালৈ নিৰ্বাচিত ধেমাজিৰ সমীৰ পাল ।

Body: ।

ধেমাজি , ১১ নৱেম্বৰ : অহা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পটায়াৰত অনুষ্ঠিত হবলগীয়া "মি : ইউনিভাৰ্ছ -২০১৯ "ব‌ৰ্ষ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে ধেমাজিৰ এগৰাকী উদ্যমী শৰীৰ চৰ্চা বিদ সমীৰ পাল তথা মনজিৎ পালে । উল্লেখ্য যে ১৯৯৪ চনৰে পৰা ধাৰাবাহিকভাৱে শৰীৰ চৰ্চা ক্ষেত্ৰৰখনৰ লগত জড়িত হৈ সমীৰ পালে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰি ৰাজস্থান , দিল্লী , মুম্বাই , আদিতো নিজৰ শৰীৰ উৎকৃষ্ট কলা প্ৰদৰ্শন কৰি প্ৰশংসিত হৈ আহিছে । এইক্ষেত্ৰত শৰীৰ চৰ্চা বিদগৰাকীয়ে কয় যে সৰ্ব সাধাৰণ চকুত নপৰা এই ক্ৰীয়াৰ জৰিয়তে সফলতা লাভ কৰিবলৈ যথেষ্ঠ কষ্ট তথা প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগে । প্ৰয়োজন হয় যথেষ্ট অৰ্থৰ । ইপিনে তাহানিৰ ১৯৯৪ বৰ্ষত ধেমাজিৰ দৰে ঠাইত শৰীৰ চৰ্চাৰ বাবে নাছিল কোনো পৰিৱেশ । পৰৱৰ্তী সময়তহে বহু সাধনা ত্যাগৰ বিনিময়তহে আজি এই পৰ্যায়ত উপনীত হৈছে বুলি মন্তব্য কৰি ক য় যে দেশৰ হৈ এদিন খেলাৰ সপোন পুহি ৰাখিছিল আৰু সেই সপোন বাস্তৱ ৰূপ দিয়াৰ সময় সমাগত ।

byte ... সমীৰ পাল

ইপিনে উঠি অহা প্ৰজন্মৰক সু স্বাস্থ্য অধিকাৰী হবৰ বাবে নিয়মিত ঘৰতে ব্যয়াম কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনালে ।

আনহাতে

ধেমাজি জিমন্যাষ্টিক ক্লাবৰ প্ৰশিক্ষক তথা পালৰ গুৰু ঘনকৃষ্ণ বৰগোঁহাই ৱে একালৰ শিষ্যগৰাকী য়ে ভাৰতৰ হৈ খেলিবলৈ নিৰ্বাচিত হোৱাক লৈ ধেমাজিবাসীৰ হৈ অভিনন্দন জনাইছে । বহুত্যাগ আৰু সাধনাৰ আৰু অৰ্থৰ বিনিময়তহে এজন সফল শৰীৰ চৰ্চা বিদৰ আৰ্বিভাৱ হয় বুলি মন্তব্য কৰে প্ৰশিকগৰাকীয়েও ।

byte ..প্ৰশিক্ষক ।

Conclusion: ইতিমধ্যে আগন্তুক প্ৰতিযোগিতাত ধেমাজিৰ পৰা অসম তথা ভাৰতৰ হৈ অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈ পৰা পালে বৰ্তমান নিজা "ফ্লেক্সি জিমতেই " দৈনিক 6 ঘন্টাকৈ কঠোৰ অনুশীলন অব্যাহত ৰাখি প্ৰস্তুতি চলাইছে শৰীৰচৰ্চা বিদজনে ।

শৰীৰ চৰ্চা বিদজনৈ ই টি ভি ভাৰতৰ তৰফৰ পৰাও থাকিল উষ্ম অভিনন্দন ।

তেওঁ ধেমাজিৰ ৪নং ৱাৰ্ডৰ বাসিন্দা বকুল পাল আৰু পুতুল পালৰ পুত্ৰ ।

pradunya Bharali, Dhemaji , Assam, 12/11/2019
Last Updated : Nov 12, 2019, 8:00 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.