ETV Bharat / state

প্ৰাপ্য ধন নোপোৱাৰ ফলত ধেমাজিত গৰজি উঠিছে সমবায় সমিতি

চৰকাৰে প্ৰাপ্য ধন মোকোলাই নিদিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব সমবায় সমিতি সদস্য সকলে ৷ 15 মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ সমিতিৰ সদস্য সকলৰ ৷

Samabay Samity complain For Salary Against Govt At dhemaji
প্ৰাপ্য ধন নোপোৱাৰ ফলত ধেমাজিত গৰজি উঠিছে সমবায় সমিতি
author img

By

Published : Jul 27, 2020, 8:49 PM IST

ধেমাজি , 27 জুলাইঃ কৰ'ণা আতংক তথা লক ডাউনৰ মাজতে দিনে-ৰাতিয়ে ৰাইজৰ বাবে কাম কৰি থকা সমবায় সমিতিসমূহৰ সভাপতি সচিব,এজেণ্ট আৰু কৰ্মচাৰী সকলক যোৱা পোন্ধৰ মাহে পাবলগীয়া কমিচন চৰকাৰে মোকলাই দিয়া নাই বুলি অভিযোগ তুলিছে ধেমাজি জিলা সমবায় সমিতিৰ সভাপতি সম্পাদক সকলে।

প্ৰাপ্য ধন নোপোৱাৰ ফলত ধেমাজিত গৰজি উঠিছে সমবায় সমিতি

এই সন্দৰ্ভত সোমবাৰে ধেমাজি কাঢ়িচুকস্থিত জীয়াঢল সমবায় সমিতি কাৰ্যালয়ৰ প্ৰাংগণত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত জিলা সমিতিৰ সভাপতি কৃষ্ণ শইকীয়াই কয় যে,তেওঁলোকে কৰ'ণা আতংকৰ সময়তো কাম কৰি আছে । কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী কৰ্মচাৰীয়ে লক ডাউন মানি কাম নকৰাকৈ ঘৰত বহি থাকোতেই চৰকাৰে দৰ্মহা প্ৰদান কৰি আছে । তেওঁলোকৰ কাম কিয় দৃষ্টিত নপৰে বুলি প্ৰশ্ন কৰে ।

উল্লেখ্য যে,ধেমাজি জিলা সমবায় সমিতিসমূহে আগষ্ট 2019 পৰাই খাদ্য সুৰক্ষাৰ আঁচনিৰ চাউল দালি আদিৰ বাবদ ৫.৫ কোটি পৰিবহন আৰু কমিচনৰ বাবদ অনাদায় হৈ আছে । তদুপৰি চলিত বছৰৰ এপ্ৰিল মাহৰ খাদ্য সুৰক্ষাৰ নিয়মীয়া কোটাৰ প্ৰতি কিলো চাউলৰ বাবদ FCIত এটকাকৈ জমা কৰা হয় যদিও ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বিনামূলীয়াকৈ উপভোক্তাক চাউল যোগান ধৰা হৈছে । উক্ত জমা কৰা ধনখিনি যোৱা এপ্ৰিল মাহতে চৰকাৰে ঘুৰাই দিব কোৱা সত্বেও আজিকোপতি ঘূৰাই নিদিয়াত হাহাকাৰ লাগিছে সমবায় সমিতি সমূহৰ ।

অচিৰেই চৰকাৰে প্ৰাপ্য ধন মোকলাই নিদিলে আগন্তুক সময়ত সমবায় সমিতি সমূহে কাম কাজৰ পৰা বিৰত থাকি শদিয়াৰ পৰা ধুবুৰীলৈকে থকা ৭৭৭ খন গাঁও পঞ্চায়ত সমবায় সমিতিয়ে সমগ্ৰ ৰাজ্যত আন্দোলন গঢ়ি তুলিবলৈ কুণ্ঠাবোধ নকৰিব বুলি সকিয়াই দিয়ে ।

লগতে পঢ়ক- আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.