ধেমাজি, 15 আগষ্ট: ৰাজ্যৰ ইতিহাসত এক ক’লা অধ্যায় ৷ ২০০৪ চনৰ আজিৰ দিনটোতেই ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱস উদযাপন হৈ থকা সময়ত সংঘটিত হৈছিল এক ভয়ংকৰ বিস্ফোৰণ ৷ এই বিস্ফোৰণতেই নিহত হৈছিল ১০ টি নিৰীহ শিশুৰ লগতে ৩ গৰাকীকৈ মহিলা ৷
ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে সুদীৰ্ঘ ১৫ বছৰৰ পিছত এই বিস্ফোৰণত অভিযুক্ত মুঠ ১৫ জন অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত কৰিছিল । এই সকল হৈছে দীপাঞ্জলি গোঁহাই, হেমেন গগৈ, যতীন দুৱৰী, প্ৰশান্ত ভূঞা, লীলা গগৈ আৰু মুহি সন্দিকৈ । ইয়াৰে ৪ জনক ক্ৰমে মুহি সন্দিকৈ, যতীন দুৱৰী, দীপাঞ্জলী গোহাঁই আৰু লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক বিহা হৈছিল ৪ বছৰৰ কাৰাদণ্ড ।
কিন্তু আজিও যেন এই ভয়ংকৰ কূটাঘাটমূলক আক্ৰমণৰ শংকা বকুত সজীৱ হৈ আছে ধেমাজিবাসীৰ ৷ শনিবাৰে 74 সংখ্য়ক স্বাধীনতা দিৱস উপলক্ষ্যে ধেমাজিত নিস্তেজ পৰিৱেশৰ মাজত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী সঞ্জয় কিষানে ৷ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত কটকটীয়া নিৰাপত্তাৰ মাজত ধেমাজি কাছাৰী ময়দানত পালন কৰা হয় স্বাধীনতা দিৱস ।
কাছাৰী ময়দানৰ এক নিস্তেজ পৰিৱেশত অভিবাদন গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে । ইয়াৰ পিছতে চৰকাৰৰ উন্নয়নমূলক আচঁনিৰ ওপৰত বিস্তৃত ভাষণ আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । ইপিনে কৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখিও পেৰেডত মাত্ৰ আৰক্ষীৰ তিনিটা দলে অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰায় ডেৰশ লোক সমবেত হয় ।
লগতে চাওক-ৰঙিয়াত অনুষ্টুপীয়াকৈ পালন 74 সংখ্যক স্বাধীনতা দিৱস