ETV Bharat / state

জোনাইৰ গ্ৰাম্য পথ  নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ - জোনাই গ্ৰাম্য পথ  নিৰ্মাণ

৷ উল্লেখ্য যে, জোনাই সমষ্টিৰ অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলমৰ পৰা চাহ বাগান সংযোগী 2.762 কিলোমিটাৰ  দৈঘ্যৰ পথটো শুভ উদ্বোধন কৰিছিল জোনাইৰ বিধায়ক ভূৱন পেগুৱে৷ বিভাগীয় বিষয়া অভিযন্তা সকলৰ নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰিছে বুলি অভিযোগ পুৰণা জেলম গাঁৱৰ ৰাইজৰ৷

জোনাইৰ গ্ৰাম্য পথ  নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Nov 16, 2019, 9:58 PM IST

জোনাই , 16 নৱেম্বৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ সময়ত জোনাইত গ্ৰাম্য পথ নিৰ্মাণত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ৷ ধেমাজি জিলাৰ জোনাইত চকলা চকল কৈ এৰাইছে দুদিন পূৰ্বে লগোৱা ব্লেকটেপিং ৷ প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনা ধেমাজি গ্ৰাম্য পথ সংমণ্ডলৰ চিলাপথাৰৰ অধীনত 2017/2018 বৰ্ষৰ ০৪.১৫৪ এ. এছ. পেকেজ নং 15,09,935 টকাৰে পকী কৰিবলৈ অহা পথত ঠিকাদাৰৰ দুৰ্নীতি আৰু মইমতালিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, জোনাই সমষ্টিৰ অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলমৰ পৰা চাহ বাগান সংযোগী 2.762 কিলোমিটাৰ দৈঘ্যৰ পথটো শুভ উদ্বোধন কৰিছিল জোনাইৰ বিধায়ক ভূৱন পেগুৱে৷ বিভাগীয় বিষয়া অভিযন্তা সকলৰ নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰিছে বুলি অভিযোগ পুৰণা জেলম গাঁৱৰ ৰাইজৰ৷ পথটো নিৰ্মাণত হোৱা অসংখ্য অনিয়মৰ সন্দৰ্ভত পুৰণা জেলম গাঁৱৰ ৰাইজে শনিবাৰে জোনাইৰ মহকুমাধিপতিৰ ওচৰত এক স্মাৰক পত্ৰ প্ৰদান কৰে |

জোনাইৰ গ্ৰাম্য পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ

আৰু পঢ়ক : ৰাইজে হাতে-লোটে ধৰি কিলালে চোৰক

Intro:Body:জোনাইত গ্ৰাম্য পথ নিৰ্মাণত দুৰ্নীতি
দুদিন পূৰ্বে লগোৱা ব্লেকটপিং এৰাই গৈছে বখলা বখলকৈ

দুৰ্নীতি বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰৰ সময়তে প্ৰান্তে প্ৰান্তে গ্ৰাম্য পথৰ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্ণীতি। একাংশ দুৰ্ণীতিগ্ৰস্ত বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ চৰণ দুৰ্ণীতিৰ ফলত ধেমাজি জিলাৰ জেনাইত গ্ৰাম্য পথত  দুদিন পূৰ্বে লগোৱা ব্লেকটপিং এৰাই গৈছে বখলা বখলকৈ| জোনাইত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত ৰাস্তা নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি আৰু মইমতালিৰ অভিযোগ । প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা ধেমাজি  গ্ৰাম্য পথ সংমণ্ডলৰ চিলাপথাৰৰ অধীনত ২০১৭- ২০১৮ বৰ্ষৰ ০৪.১৫৪ এ. এছ. পেকেজ নং ১৫,৯. ৯৩৫ লাখ টকা ব্যয়ৰে পকী কৰিবলৈ  লোৱা জোনাই সমষ্টিৰ অৰুণাচল সীমান্তৱৰ্তী পুৰণা জেলমত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাহ বাগান সংযোগী ২.৭৬২ কিলোমিটা দৈৰ্ঘ্যৰ পথটো নিৰ্মাণ কাৰ্যত দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷ উল্লেখ্য যে এই গ্ৰাম্য চড়ক যোজনা পথটো শুভ উদ্বোধন কৰে জোনাইৰ বিধায়ক ভূৱন পেগুৱে | পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা বিজু কুম্বাং নামৰ ঠিকাদাৰ জনে পথ নিৰ্মাণৰ নামত সংঘটিত কৰিছে ব্যপক অনিয়ম দুৰ্ণীতি | জানিব পৰা মতে ঠিকাদাৰ বিজু কুম্বাং ধেমাজি চিচি ব্লক মণ্ডলৰ বিজেপিৰ প্ৰাক্তন সভাপতি | ঠিকাদাৰৰ সৈতে বৃহৎ পৰিমাণৰ অংশ থকাত বিভাগীয় বিষয়া অভিযন্তা সকলে নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰা ঠিকাদাৰ বিজু কুম্বাঙে অতি নিম্নমানৰ কামৰ বাবেই পথটো দুদিনৰ পিচতে বখলা বখলকৈ এৰাই যোৱা দেখি ক্ষুব্ধ হৈ পৰিছে পুৰণা জেলম গাঁৱৰ ৰাইজে | জানিব পৰা মতে পথটোত মাটি মিহলা শিল লগোৱা, পৰ্যাপ্ত ৰুলিং নকৰা, বোকা ৰুলিং নকৰা আদি অসংখ্য অনিয়ম সংঘটিত কৰাৰ সন্দৰ্ভত ৰাইজে আজি জোনাইৰ মহকুমাধি ওচৰত এক স্মাৰক পত্ৰ প্ৰদান কৰে| | প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা নিৰ্মাণত বিভাগীয় অভিযন্তা, ঠিকাদাৰৰ এনেবোৰ দুৰ্ণীতি দেখিও কথাই কথাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব এয়াহে লক্ষ্যণীয় হব এতিয়া |

কৰবী দলে জোনাইConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.